ইন্টাৰনেশ্যনেল ডেস্ক, 13 ছেপ্তেম্বৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নান্ড ট্ৰাম্পৰ অনুৰোধৰ পাচতো ইৰানে মৃত্যুদণ্ড দিলে এজন মল্লযুঁজাৰুক ৷ এজন লোকক হত্যা কৰাৰ অপৰাধত দোষী সাব্য়স্ত কৰি 27 বৰ্ষীয় মল্লযুঁজাৰু গৰাকীক মৃত্যুদণ্ড দিয়া হয় ৷
ফাৰ্চৰ মুখ্য ন্যায়াধীশ কাজেম মৌচাভীয়ে শনিবাৰে জানিবলৈ দিয়ে যে, হাছান তুৰ্কমানক হত্যাৰ অপৰাধত নভিদ আফকাৰীক ছিৰাজৰ আদেলাবাদ জেলত মৃত্যুদণ্ড দিয়া হয় ৷
উল্লেখযোগ্য যে, নভিদে দুই বছৰ পূৰ্বে চৰকাৰ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ চৰকাৰৰ লক্ষ্য হৈ পৰিছিল ৷