নিউজ ডেস্ক, 14 নৱেম্বৰ: শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত মাথো মাত্ৰ দুটা দিন ৷ এই নিৰ্বাচনত সংখ্যালঘু সম্প্ৰদায়ৰ ভোট বেংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ বিগত এপ্ৰিল মাহত ‘ইষ্টৰ চাণ্ডে’তচেণ্ট এন্থনী চাৰ্চত হোৱা আক্ৰমণত প্ৰাণ গৈছিল 250 জনতকৈ অধিক লোকৰ ৷ এই আক্ৰমণৰ ঘটনাই এই নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি অনুমান কৰা হৈছে ৷ কাৰণ শ্ৰীলংকাৰ মুঠ জনসংখ্যাৰ 7 শতাংশলোক খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ ৷
খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মনৰ মনোভাৱ জানিবলৈ কলম্বোস্থিত চেণ্ট এন্থনী চাৰ্জৰ পাদ্ৰী জুড ফৰ্নাণ্ডোৰ সৈতে বিশেষ সাক্ষাৎকাৰ ইটিভি ভাৰতৰ ৷
এই সাক্ষাৎকাৰত ফাদাৰ ফৰ্নাণ্ডোই কয়,
আমি বৰ্তমান লৈকে ন্যায় লাভ কৰা নাই ৷ চাৰ্চে ন্যায়ৰ ওপৰত গুৰুত্ব দিছে ৷ আমি জনা উচিত এই আক্ৰমণ কোনে সংঘটিত কৰিছিল ৷ এই সন্দৰ্ভত শেহতীয়াকৈ নতুন আয়োগ স্থাপন কৰা হৈছে ৷ আমি ন্যায়ৰ অপেক্ষা কৰি আছো ৷ আমাৰ ফালৰ পৰা যথোপযুক্ত সকলো ধৰণৰ সহযোগ তদন্তকাৰী সংস্থাক প্ৰদান কৰা হৈছে ৷
এই বিষয়টোৱে এই নিৰ্বাচনত মহত্বপূৰ্ণ ভূমিকা পালন কৰিব নেকি কৰা প্ৰশ্নৰ উত্তৰত ফাদাৰে কয়,
আমাৰ কোনো এটা ৰাজনৈতিক দলৰ প্ৰতি দুৰ্বলতা নাই ৷ আমি কোনো এজন প্ৰাৰ্থীক সমৰ্থন কৰা নাই ৷ কিন্তু আমি সদায় ভোটাৰক ভোটদান কৰিবলৈ আহ্বান জনাই আহিছো ৷ এইয়া তেওঁলোকৰ ভোট,তেওঁলোকৰ অধিকাৰ ৷