নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী: ম্যানমাৰৰ নেতা আং ছান চ্যু কীক সেনা বাহিনীয়ে আটক কৰাৰ পাচতে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে দেশখনত অব্যাহত আছিল প্ৰতিবাদ । ম্যানমাৰত সেনাৰ অধিগ্ৰহণৰ বিৰুদ্ধে দেশখনত অব্যাহত থকা প্ৰতিবাদৰ মাজতে ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ পিছতে দেওবাৰে পুনৰ ইন্টাৰনেট সেৱা মুকলি কৰে প্ৰশাসনে ।
কিন্তু ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত সীমাবদ্ধতা বান্ধি দিছে ম্যানমাৰ প্ৰশাসনে । উল্লেখ্য যে, ১ ফেব্ৰুৱাৰীতআং চান চ্যু কীৰ লগতে তেওঁৰ দলৰ কেবাজনো বিষয়াক আটক কৰাৰ পাচতে সেনাই এবছৰৰ বাবে দেশখনক নিজৰ নিয়ন্ত্ৰত লয় ।