অসম

assam

ETV Bharat / international

বেইজিঙত আন্তৰাষ্ট্ৰীয় কৃষি উদ্যান প্ৰদৰ্শনী আৰম্ভ

চীনৰ বেইজিঙত চীন চৰকাৰ আৰু বেইজিং পৌৰসভাৰ সৌজন্যত আৰম্ভ হৈছে আন্তৰাষ্ট্ৰীয় কৃষিউদ্যান প্ৰদৰ্শনী ২০১৯ । "লিভ গ্ৰীণ, লিভ বেটাৰ"ক বিষয়বস্তু হিচাপে লৈ আৰম্ভ কৰা এই এক্সপ'খন বেইজিঙৰ য়ানকিং জিলাত প্ৰায় ৫০৩ হেক্টৰ মাটিত আয়োজন কৰা হৈছে ।

বেইজিঙত আন্তৰাষ্ট্ৰীয় কৃষিউদ্যান প্ৰদৰ্শনী আৰম্ভ

By

Published : May 3, 2019, 2:33 PM IST

নিউজ ডেস্ক, ৩ মেঃ আন্তৰাষ্ট্ৰীয় কৃষি উদ্যান প্ৰদৰ্শনী ২০১৯ অথবা বেইজিং এক্সপ' হৈছে চীন চৰকাৰ আৰু বেইজিং পৌৰসভাই আয়োজন কৰা এখন আন্তৰাষ্ট্ৰীয় কৃষি ভিত্তিক প্ৰদৰ্শনী। ১৯৯৯ চনৰ কানমিং এক্সপ' আৰু ২০১০ চনৰ ছাংঘাই এক্সপ'ৰ পাছতে এইয়া সৰ্ববৃহৎ এক্সপ' হিচাপে পৰিগণিত হৈছে । "লিভ গ্ৰীণ, লিভ বেটাৰ"ক বিষয়বস্তু হিচাপে লৈ আৰম্ভ কৰা এই এক্সপ'খন বেইজিঙৰ য়ানকিং জিলাত প্ৰায় ৫০৩ হেক্টৰ মাটিত আয়োজন কৰা হৈছে । এই এক্সপ'ৱে কৃষিক্ষেত্ৰত উন্নত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ লগতে কৃষি উদ্যানৰ ক্ষেত্ৰত বিশ্বব্যাপী লাভ কৰা সফলতাক সকলোৰে মাজলৈ লৈ অহাৰ প্ৰয়াস কৰিব। এই প্ৰদৰ্শনীত ফুল, ফল - মূল,শাক-পাছলি, ঔষধীয় উদ্ভিদ আৰু চাহপাতৰ উৎপাদন আদিৰ শ্ৰীবৃদ্ধিৰো প্ৰদৰ্শনী কৰিব।

বেইজিঙত আন্তৰাষ্ট্ৰীয় কৃষিউদ্যান প্ৰদৰ্শনী আৰম্ভ

এপ্ৰিলৰ ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা এই এক্সপ'খন ১৬২ দিনলৈ চলিব আৰু ২৫০০তকৈও অধিক ইভেণ্ট অনুষ্ঠিত হোৱাৰ লগতে প্ৰায় ১৫ নিযুত লোকৰ উপস্থিতি কামনা কৰা হৈছে।

ABOUT THE AUTHOR

...view details