অসম

assam

By

Published : Oct 17, 2021, 7:14 AM IST

ETV Bharat / international

দৰিদ্ৰতা নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱস পালন কৰাৰ তাৎপৰ্য কি জানেনে?

দৰিদ্ৰতা নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱস(International Day for the Eradication of Poverty)ৰ উদ্দেশ্য হৈছে বিশ্বৰ দৰিদ্ৰতা(Poverty) হ্ৰাস আৰু নিৰ্মূল কৰাৰ বাবে উপায় বিচাৰি উলিওৱা ৷ লগতে দৰিদ্ৰতাত বসবাস কৰা লোকসকলৰ প্ৰচেষ্টা আৰু সংগ্ৰামক স্বীকাৰ কৰা ।

International Day for the Eradication of Poverty
দৰিদ্ৰতা নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱস

নিউজ ডেস্ক, 17 অক্টোবৰ : বিশ্বব্যাপী প্ৰতিবছৰে 17 অক্টোবৰত পালন কৰা হয় দৰিদ্ৰতা নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱস(International Day for the Eradication of Poverty) ৷ মুলতঃ বিশ্বব্যাপী থকা দৰিদ্ৰতা, হিংসা আৰু ভোকৰ ওপৰত আলোকপাত কৰাৰ বাবে এই দিৱস পালন কৰা হয় ।

দৰিদ্ৰতা নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱস

এই দিৱসৰ উদ্দেশ্য হৈছে বিশ্বব্যাপী দৰিদ্ৰতা নিৰ্মূল কৰাৰ উপায় বিচাৰি উলিওৱা, দৰিদ্ৰতাত বাস কৰা লোকসকলৰ প্ৰচেষ্টা আৰু সংগ্ৰামক স্বীকাৰ কৰা আৰু তেওঁলোকক সুবিধা প্ৰদান কৰা ৷ দৰিদ্ৰতা(Poverty) হৈছে মানৱ অধিকাৰ(Human Rights)ৰ উলংঘন ৷ এই অধিকাৰসমূহক সন্মান জনোৱাতো নিশ্চিত কৰিবলৈ সমগ্ৰ বিশ্ববাসীয়ে একত্ৰিত হোৱাৰ প্ৰয়োজন ৷

দৰিদ্ৰতা নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱস

দৰিদ্ৰতামুক্ত এখন নতুন পৃথিৱী লাভ নকৰালৈকে মানৱ জাতিৰ বিকাশৰ কল্পনা কৰাতো অতিকৈ কঠিন । দৰিদ্ৰতা নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য-

দৰিদ্ৰতা, ভোক, হিংসা আৰু ভয়ত থকা ভুক্তভোগীসকলক সন্মান জনোৱাৰ অৰ্থে 1987 চনত ফ্ৰান্সৰ পেৰিছত পোনপ্ৰথমবাৰৰ বাবে এই দিৱসটো পালন কৰা হৈছিল ৷ ট্ৰোকাডেৰোৰ Human Rights আৰু Liberties Plaza পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল এই দিৱসৰ ৷ উক্ত অনুষ্ঠানতে International Movement ATD Fourth Worldৰ প্ৰতিষ্ঠাপক জোচেফ ৰেচিনস্কি(Joseph Wresinski)য়ে এই দিৱসৱৰ স্মাৰক হিচাপে এটা পাথৰৰ উন্মোচন কৰিছিল ।

দৰিদ্ৰতা নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱস

পৰৱৰ্তী সময়ত 1992 চনত ৰাষ্ট্ৰসংঘ(UN)ই 17 অক্টোবৰৰ দিনটো আনুষ্ঠানিকভাৱে দৰিদ্ৰতা নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰে ৷ এই দিনটো দৰিদ্ৰতাত পীড়িত লোক বা পৰিয়ালৰ দ্বাৰা সন্মুখীন হোৱা সমস্যাবোৰৰ ওপৰত আলোকপাত কৰিবলৈ আৰু বিশ্বব্যাপী সকলো ধৰণৰ দৰিদ্ৰতা নিৰ্মূলৰ দিশত কাম কৰাৰ বাবে চিহ্নিত কৰা হৈছে ।

এই দৰিদ্ৰ লোকসকল সাধাৰণতে মৌলিক প্ৰয়োজনীয়তাৰ পৰা বঞ্চিত হৈ থাকে ৷ লগতে তেওঁলোকে অসুৰক্ষিত আৱাস, বিপদজ্জনক কামৰ পৰিস্থিতি, ৰাজনৈতিক ক্ষমতাৰ অভাৱ আৰু স্বাস্থ্য সেৱাৰ সীমিত প্ৰৱেশাধিকাৰৰ সন্মুখীন হ’বলগীয়া হয় ৷ দৰিদ্ৰতাত বসবাস কৰা লোকসকলে বহু পাৰস্পৰিক সম্পৰ্ক আৰু শক্তিশালী বঞ্চনা অনুভৱ কৰে, যিয়ে তেওঁলোকক তেওঁলোকৰ অধিকাৰ প্ৰাপ্ত কৰাত বাধা দিয়ে ৷ যাৰ ফলস্বৰূপে তেওঁলোকৰ দৰিদ্ৰতা স্থায়ী হৈ পৰে ৷ ইয়াৰ ভিতৰত আছে-

1. বিপদজ্জনক কামৰ পৰিস্থিতি

2. অসুৰক্ষিত আৱাস

3. পুষ্টিকৰ খাদ্যৰ অভাৱ

4. ৰাজনৈতিক ক্ষমতাৰ অভাৱ

5. স্বাস্থ্য সেৱাৰ সীমিত প্ৰৱেশাধিকাৰ ইত্য়াদি ৷

বিগত বৰ্ষত ক’ভিড(Covid) মহামাৰীৰ ফলত দৰিদ্ৰতাৰ বিৰুদ্ধে এক বৃহৎ যুঁজত নামিবলগীয়া হৈছে বিশ্বৰ জনসাধাৰণে ৷ বিশ্ব বেংক(World Bank)ৰ মতে, এই সংকটৰ ফলস্বৰূপে 88ৰ পৰা 115 নিযুত লোকক দৰিদ্ৰতাৰ ফালে ঠেলি দিয়া হৈছে ৷ দক্ষিণ এছিয়া আৰু চাহাৰাৰ দেশসমূহত অধিক সংখ্যক নতুন চৰম দৰিদ্ৰ লোক পোৱা গৈছে, য’ত দৰিদ্ৰতাৰ হাৰ ইতিমধ্যে উচ্চ । 2021 চনৰ শেষৰ ফালে এই সংখ্যা 143ৰ পৰা 163 নিযুতলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

দৰিদ্ৰতা নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱস

এই ‘নতুন দৰিদ্ৰ’সকলে ইতিমধ্যে নিৰন্তৰ দৰিদ্ৰতাত বাস কৰা 1.3 বিলিয়ন লোকৰ শাৰীত অন্তৰ্ভুক্ত হ’ব ৷ ক’ভিডৰ দ্বিতীয় ঢৌৰ পাচৰ সময়চোৱা অৰ্থাৎ বৰ্তমানৰ সময়খিনিত বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সৈতে বহু ব্যক্তি, সংস্থাই দৰিদ্ৰতা নিৰ্মূল হোৱাৰ কথা উল্লেখ কৰিছে ৷

দৰিদ্ৰতা নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱস

কিন্তু অত্যাধিক দৰিদ্ৰতাত বাস কৰা লোকসকলৰ পৰা চাবলৈ গ’লে স্পষ্ট যে, তেওঁলোক সহজে অতীতলৈ ঘূৰি যোৱাতো সম্ভৱপৰ নহয় । কিন্তু অলপ কম দৰিদ্ৰতাত বাস কৰা লোকসকলে আগবাঢ়ি যাবলৈ চেষ্টা কৰা জানিব পৰা গৈছে ৷

লগতে পঢ়ক :প্ৰকৃতিৰ ৰোষত ইণ্ডোনেছিয়া, ভূমিকম্পই প্ৰাণ কাঢ়িলে ৩ জনৰ

ABOUT THE AUTHOR

...view details