অসম

assam

ETV Bharat / international

ইণ্ডোনেছিয়াত উদ্গীৰণ হোৱা আগ্নেয়গিৰিৰ পৰা পুনৰ নিৰ্গত হৈছে লাভা - জাভা দ্বীপ

ইণ্ডোনেছিয়াৰ ঘন জনবসতিপূৰ্ণ জাভা দ্বীপত ২,৯৬৮ মিটাৰ উচ্চতাত উদ্গীৰণ হোৱা আগ্নেয়গিৰিৰ পৰা পুনৰ নিৰ্গত হৈছে লাভা । দেশখনত উদ্গীৰণ হোৱা আগ্নেয়গিৰিৰ ভিতৰত এই আগ্নেয়গিৰিটো আটাইতকৈ বেছি সক্ৰিয় আৰু ধাৰাবাহিকভাৱে লাভা নিৰ্গত হৈ আছে ।

ইণ্ডোনেছিয়াত উদ্গীৰণ হোৱা আগ্নেয়গিৰিৰ পৰা পুনৰ নিৰ্গত হৈছে লাভা
ইণ্ডোনেছিয়াত উদ্গীৰণ হোৱা আগ্নেয়গিৰিৰ পৰা পুনৰ নিৰ্গত হৈছে লাভা

By

Published : Jan 27, 2021, 4:26 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ জানুৱাৰী: ইণ্ডোনেছিয়াৰ জাভা দ্বীপত আটাইতকৈ বেছি সক্ৰিয় আগ্নেয়গিৰি পুনৰ উদ্গীৰণ হৈ নিৰ্গত হৈছে লাভা আৰু গেছ । আগ্নেয়গিৰি উদ্গীৰণৰ সময়ত নিৰ্গত হোৱা লাভা ১৫০০ মিটাৰ তললৈ বৈ আহে । মেৰাপি পৰ্বতত এই আগ্নেয়গিৰি উদ্গীৰণৰ হোৱাৰ পিছতে বিগত বৰ্ষৰ নৱেম্বৰ মাহত পৰিস্থিতি ভয়াৱহ হোৱাৰ সংকেত দিছিল বিভাগীয় কৰ্তৃপক্ষই ।

যোগ্যাকাৰ্টাৰ আগ্নেয়গিৰি আৰু ভূতাত্বিক দুৰ্যোগ প্ৰশমন কেন্দ্ৰৰ মুৰব্বী হানিক হুমেইদাই কয় যে, বিগত বৰ্ষৰ নৱেম্বৰ মাহত জাভা দ্বীপৰ মাগেলাং আৰু শ্লেমান জিলাৰ পৰ্বতত বাস কৰা প্ৰায় ২,০০০ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছিল । কিন্তু অধিকাংশ লোকেই পুনৰ সেই স্থানলৈ উভতি গৈছে । নতুনকৈ কোনো লোকক স্থানান্তৰিত কৰা হোৱা নাই বুলিও জনাইছে বিষয়াগৰাকীয়ে ।

বিপদজনক স্থানৰ পৰা ৫ কিঃমিঃ দূৰত থাকিবলৈ স্থানীয় লোকসকলক সতৰ্ক কৰি দিয়া হৈছে । লগতে জাভাৰ কেন্দ্ৰীয় প্ৰশাসন আৰু যোগ্যাকাৰ্টাৰ স্থানীয় প্ৰশাসনে নিয়মিতভাৱে পৰিস্থিতিৰ নিৰীক্ষণ কৰি আছে । উল্লেখ্য যে, ২০১০ চনত মেৰাপি পৰ্বতত আগ্নেয়গিৰি উদ্গীৰণ হৈছিল আৰু ৩৪৭ জন লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক:কৃষক বিদ্ৰোহৰ অগনিয়ে চুইছে ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাস

ABOUT THE AUTHOR

...view details