নিউজ ডেস্ক, 10 জানুৱাৰী : শনিবাৰে সাগৰপৃষ্ঠৰ ওপৰত সন্ধানহীন হৈ পৰা বিমানখনৰ ভগ্নাৱশেষ উদ্ধাৰ কৰিছে ইণ্ডোনেছিয়াৰ উদ্ধাৰকাৰী বাহিনীয়ে ৷ জাকাৰ্টাৰ এটা বন্দৰৰ কাষত সাগৰত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় অভিশপ্ত বিমানখনৰ ভগ্নাৱশেষ ৷ ইণ্ডোনেছিয়াৰ নৌ-সেনাৰ ডুবাৰুৱে জাভা সাগৰৰ 75 ফুট গভীৰতাত প্ৰত্যক্ষ কৰে শ্ৰীবিজয়া এয়াৰলাইনছৰ বয়িং 737-500 বিমানখনৰ ভগ্নাৱশেষ ৷
শনিবাৰে পাঁচগৰাকী শিশুসহ মুঠ 62 গৰাকী যাত্ৰী লৈ জাকাৰ্টাৰ পৰা উৰা মৰাৰ 8 মিনিট পিচতেই যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল বিমানখনৰ ৷ ইণ্ডোনেছিয়াৰ নৌ-সেনাৰ ছোনাৰত জাহাজখনৰ সংকেট লাভ কৰাৰ পিচতেই ডুবাৰুৱে সাগৰতলিৰ 75 ফুট গভীৰতাত উদ্ধাৰ কৰে শ্ৰীবিজয়া এয়াৰলাইনছৰ এয়াৰ ফ্লাইট এছ জে 182 বিমানখনৰ ভগ্নাৱশেষ ৷ ছয়িকাৰ্ণো-হাট্টা বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বিমানখনে ৷
ইণ্ডোনেছিয়াৰ নৌ-সেনাৰ অধীনস্থ ত্ৰিশূলা উপকূলৰক্ষী বাহিনীৰ জাহাজৰ কামাণ্ডাৰ কেপ্টেইন ইকো সূৰ্য্য হাডিয়ে জাহাজখনৰ ভগ্নাৱশেষ উদ্ধাৰৰ বিষয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷ বিমানৰ ৰিয়েল টাইম তথ্য প্ৰদান কৰা ফ্লাইটৰাডাৰ 24 নামৰ ছুইডেনস্থিত এটা প্ৰতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি, 10,000 ফুট উচ্চতাত বিমানখনৰ নিয়ন্ত্ৰণকক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছিল ৷