অসম

assam

ETV Bharat / international

ইণ্ডোনেছিয়াত উৰণৰ পিছতে শ্ৰীৱিজায়া বিমানৰ সৈতে সংযোগ বিচ্ছিন্ন - বিমানখনত আছিল ৫৯ গৰাকী যাত্ৰী

ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ পৰা যাত্ৰা আৰম্ভ কৰা যাত্ৰীবাহী শ্ৰীৱিজায়া বিমানৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে । ছ'ৱেকাৰ্ণ'-হাট্টা বিমানবন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল বিমানখনে । বিমানখনত আছিল ৫৯ গৰাকী যাত্ৰী ।

জাকাৰ্টাৰ পৰা উৰণ আৰম্ভ কৰা যাত্ৰীবাহী শ্ৰীৱিজায়া বিমানৰ সৈতে সংযোগ বিচ্ছিন্ন
জাকাৰ্টাৰ পৰা উৰণ আৰম্ভ কৰা যাত্ৰীবাহী শ্ৰীৱিজায়া বিমানৰ সৈতে সংযোগ বিচ্ছিন্ন

By

Published : Jan 9, 2021, 6:41 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ জানুৱাৰী: শনিবাৰে ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ ছ'ৱেকাৰ্ণ'-হাট্টা বিমানবন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰা শ্ৰীৱিজায়া বিমানৰ সৈতে বৰ্তমান সংযোগ বিচ্ছিন্ন হৈছে । স্থানীয় সংবাদ মাধ্যমে এই তথ্য প্ৰকাশ কৰিছে । এছ জে১৮২ যাত্ৰীবাহী বিমানখনে ৫৯ গৰাকী যাত্ৰী কঢ়িয়াই নিছিল । ইণ্ডোনেছিয়াৰ বাতৰি কাকত ৰিপাব্লিকাই প্ৰকাশ কৰা তথ্য মতে, ৫৯ গৰাকী যাত্ৰীৰ ভিতৰত ৬ গৰাকী শিশুও আছিল বিমানখনত ।

ছ'ৱেকাৰ্ণ'-হাট্টা বিমানবন্দৰৰ পৰা বিমানখনে যাত্ৰা আৰম্ভ কৰিছিল আৰু পশ্চিম কালিমণ্টানৰ ৰাজধানী পণটিয়ানকৰ দিশে আগবাঢ়িছিল । ফ্লাইট ৰেডাৰ২৪ৰ তথ্য অনুসৰি, বিমানখন ১০,০০০ ফুট উচ্চতা পোৱাৰ পিছতে সংযোগ বিচ্ছিন্ন হয় । জাকাৰ্টাৰ উত্তৰ দিশত পানীৰ মাজত উদ্ধাৰকাৰী দলে ইতিমধ্যে কিছু পৰিমাণে ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে । এই ধ্বংসাৱশেষ বিমানখনৰ বুলি নিশ্চিত নহয় যদিও বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক:মাৰ্কিন কেপট'ল হিলৰ প্ৰতিবাদত অংশ লোৱা ভিনচেণ্ট জেভিয়াৰৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details