নিউজ ডেস্ক, 24 এপ্ৰিলঃ ইণ্ডোনেছিয়াত মুকলি হ'ল ৰামায়ণৰ ষ্টাম্প ৷ ভাৰত-ইণ্ডোনেছিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ 70তম বৰ্ষপূৰ্তিত দেশখনে মুকলি কৰে ৰামায়ণৰ আৰ্হিৰ এটা ডাক টিকট ৷
ইণ্ডোনেছিয়াত মুকলি ৰামায়ণৰ ষ্টাম্প - ৰামায়ণ ষ্টাম্প
ভাৰত-ইণ্ডোনেছিয়াৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ অৰ্থেই মুকলি কৰা হয় এই ষ্টাম্প ৷
ইণ্ডোনেছিয়াত মুকলি ৰামায়ণৰ ষ্টাম্প
2018 চনৰ মে' মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইণ্ডোনেছিয়া ভ্ৰমণকালত ভাৰতৰ সৈতে ইণ্ডোনেছিয়াৰ সম্পৰ্ক দৰ্শাবলৈ ৰামায়ণৰ আৰ্হিৰ এটা ডাক টিকট মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ইণ্ডোনেছিয়া প্ৰশাসনে ৷ সেই অনুসৰিয়েই মঙলবাৰে এই ডাক টিকট মুকলি কৰে দেশখনৰ ডাক বিভাগে ৷
প্ৰসিদ্ধ শিল্পী পদ্মশ্ৰী বাপক ন্যোমান নুৰাটে নিৰ্মাণ কৰি উলিওৱা ডাক টিকটটোত প্ৰদৰ্শিত হৈছে ৰাৱণে হৰণ কৰি নিয়া সীতাক ৰক্ষাৰ বাবে জটায়ু পক্ষীয়ে চলোৱা প্ৰচেষ্টা ৷