ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ এপ্ৰিল:ইণ্ডোনেছিয়াত সন্ধানহীন কেআৰআই নাংগালা ৪০২ চাবমেৰিন । ইতিমধ্যে চাবমেৰিনৰ সন্ধানত বিভিন্ন ধৰণৰ অভিযান অব্যাহত ৰাখিছে নৌসেনাই । শনিবাৰে নৌসেনাই সদৰি কৰা মতে চাবমেৰিনৰ কিছু অংশ উদ্ধাৰ হৈছে । আশংকা কৰা হৈছে যে ৫৩ গৰাকী ক্ৰুৰ সৈতে জাহাজখন ডুবি গৈছে ।
নৌসেনা প্ৰধান য়ুডো মাৰ্গোনোৱে কোৱা মতে উদ্ধাৰকাৰীসকলে কেআৰআই নাংগালা ৪০২-ৰ পৰা কিছুমান সামগ্ৰী যেনে টৰ্পেডো ষ্ট্ৰেটনাৰৰ কিছু অংশ, পেৰিস্কোপৰ অংশ উদ্ধাৰ কৰিছে । সংবাদমেলযোগে সামগ্ৰীবোৰ প্ৰদৰ্শন কৰে নৌসেনা প্ৰধানগৰাকীয়ে । নৌসেনাই ধাৰণা কৰিছে যে চাবমেৰিনখন ৬০০-৭০০ মিটাৰ গভীৰতাত ডুব গৈছে । অৱশ্যে সন্ধানহীনৰ ৰহস্য এতিয়া ফাদিল হোৱা নাই ।
বিষয়াসকলে আগতে কৈছিল যে চাবমেৰিনৰ অক্সিজেন যোগান শনিবাৰে সোনকালে শেষ হ'লহেঁতেন। ইণ্ডোনেছিয়াই চাবমেৰিনটো কেৱল হেৰাই যোৱা বুলি বিবেচনা কৰিছিল। ইফালে শনিবাৰে পুৱাৰে পৰা এখন আমেৰিকান পুনৰীক্ষণ বিমান, এখন পি-৮ পচাইডন অৱতৰণ কৰে আৰু ২০ খন ইণ্ডোনেচিয়ান জাহাজ, এখন সোণাৰ সজ্জিত অষ্ট্ৰেলিয়ান যুদ্ধজাহাজ আৰু চাৰিখন ইণ্ডোনেচিয়ান বিমানৰ সৈতে অনুসন্ধান আৰম্ভ কৰিছিল ।
ইণ্ডোনেছিয়াৰ সামৰিক মুখপাত্ৰ ডিজাৱাৰা ৱিম্বোৱে শনিবাৰৰ ঘোষণা কৰিছিল যে ছিংগাপুৰৰ উদ্ধাৰকাৰী জাহাজসমূহো আহি পোৱাৰ সম্ভাৱনা আছে, আনহাতে মালয়েছিয়াৰ উদ্ধাৰকাৰী জাহাজবোৰ দেওবাৰে আহি পোৱাৰ কথা আছে । চাবমেৰিনত থকা লোকসকল উদ্ধাৰ হোৱাৰ আশা নাই যদিও এতিয়াও পৰিয়ালৰ লোকসকল আশাবাদী ।