অসম

assam

মুছলমানৰ সৈতে বৈষম্য হোৱা বুলি পাকিস্তানে কৰা অভিযোগ খণ্ডণ ভাৰতৰ

কৰ'ণা ভাইৰাছৰ পটভূমিৰ বাবে ভাৰতত মুছমানসকলক বৈষম্যমূলক ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে । এই অভিযোগৰ পাচতে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰই প্ৰত্যুত্তৰ দি কয় যে, পাকিস্তানৰ নিজা সমস্যা সমূহ ঢাকিবলৈ এনে "আজব টিপ্পনী" বোৰ দিছে ।

By

Published : Apr 20, 2020, 1:23 PM IST

Published : Apr 20, 2020, 1:23 PM IST

মুছলমানৰ সৈতে বৈষম্য হোৱা বুলি পাকিস্তানে কৰা অভিযোগ খণ্ডণ ভাৰতৰ
মুছলমানৰ সৈতে বৈষম্য হোৱা বুলি পাকিস্তানে কৰা অভিযোগ খণ্ডণ ভাৰতৰ

নিউজ ডেস্ক, 20 এপ্ৰিলঃভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কৰা অভিযোগৰ যোগ্য প্ৰত্যুত্যৰ দি দেওবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে অভিযোগ খণ্ডণ কৰে ।

ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীৱাস্তৱে কয় যে,পাকিস্তানৰ নেতাই এই অভিযোগ কৰি এক ভুৱা আৰু"আজব টিপ্পনী" দিছে আৰু দেশখনৰ আভ্যন্তৰীণ সমস্যা সমাধান কৰিব নোৱাৰি জনতাৰ দৃষ্টি আঁতৰাবলৈ এই কাম কৰিছে ।

উল্লেখ্য যে,পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে ভাৰতৰ বিৰুদ্ধে এক অভিযোগ কৰি টুইটাৰত প্ৰকাশ কৰিছিল। খানৰ অভিযোগ আছিল যে,ভাৰতত কৰ'ণা ভাইৰাছৰ সংকট কালত মুছলমান সকলক বৈষম্য কৰা হৈছে ।

লগতে চাওকঃ জম্মু-কাশ্মীৰত আৰক্ষী জোৱানক গুলিয়াই হত্যা

ABOUT THE AUTHOR

...view details