অসম

assam

ETV Bharat / international

পাকিস্তান নে ভাৰত : কোন হ'ব নিজামৰ 35 মিলিয়ন পাউণ্ডৰ অধিকাৰী ?

প্ৰকৃততে 1948 চনতে হাইদৰাবাদৰ তেতিয়াৰ নিজাম উস্মাম অলী খানে নৱগঠিত পাকিস্তান ব্ৰিটেইনৰ উচ্চায়ুক্ত হিচাপে থকা হবীব ইব্ৰাহিম ৰহীমটোলাৰ লণ্ডনৰ বেংক একাউণ্টলৈ এই ৰাশি পঠিয়াইছিল ৷ সেই সময়ত পাকিস্তানৰ নে ভাৰতৰ অংশ হ'ব এই সংশয়ত ভোগা নিজামে এই ধনৰাশি পাচত মৌখিক ভাৱে উভতাই বিছাৰিছিল ৷

3664923

By

Published : Jun 26, 2019, 10:24 AM IST

লণ্ডন,26 জুন :ইতিমধ্যে অন্তিম পৰ্যায় পাইছেগৈ লণ্ডনৰ বেংক একাউণ্টত জমা থকা হাইদৰাবাদৰ নিজামৰ 35 মিলিয়ন পাউণ্ডৰ ধনৰাশিক লৈ ভাৰত আৰু পাকিস্তানৰ মাজৰ বিবাদ ৷ আগন্তুক ছটা সপ্তাহত এই বিচাৰ প্ৰক্ৰিয়াৰ ৰায়দান দিয়াৰ সম্ভাৱনা আছে ৷

লণ্ডনৰ নেটৱেষ্ট বেংক পীএলচিত জমা থকা ধনৰাশিক লৈ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে আইনী যুদ্ধত ভাৰত চৰকাৰৰ সৈতে একে পক্ষত আছে হাইদৰাবাদৰ অষ্টম নিজাম প্ৰিন্স মুকৰ্ম জেহ আৰু তেওঁৰ ভাতৃ মুভা মুফাখাম জেহ ৷ প্ৰকৃততে 1948 চনতে হাইদৰাবাদৰ তেতিয়াৰ নিজাম উস্মাম অলী খানে নৱগঠিত পাকিস্তান ব্ৰিটেইনৰ উচ্চায়ুক্ত হিচাপে থকা হবীব ইব্ৰাহিম ৰহীমটোলাৰ লণ্ডনৰ বেংক একাউণ্টলৈ এই ধনৰাশি পঠিয়াইছিল ৷ সেই সময়ত পাকিস্তানৰ নে ভাৰতৰ অংশ হ'ব এই সংশয়ত ভোগা নিজামে এই ধনৰাশি পাচত মৌখিক ভাৱে উভতাই বিছাৰিছিল ৷

ভাৰতত থকা নিজামৰ বংশগত লোকে দাবী কৰা অনুসৰি এই ধনৰাশিৰ ওপৰত তেওঁলোকৰ অধিকাৰ আছে ৷ পাকিস্তানৰ এই ধনৰাশিৰ ওপৰত দাবী যুক্তিসংগত নহয় ৷ ব্ৰিটেইনৰ পাকিস্তানী উচ্চায়ুক্ত আৰু অন্য সাত ( নিজামৰ বংশধৰ, ভাৰত চৰকাৰ আৰু ভাৰতৰ ৰাষ্ট্ৰপতি ) ৰ মাজত চলি থকা বিচাৰ প্ৰক্ৰিয়াৰ দুসপ্তাহ জোৰা শুনানিত ইতিমধ্যে দুয়ো পক্ষই নিজৰ নিজৰ পক্ষ ৰাখে ৷ অতি শীঘ্ৰেই বিচাৰকে এই গোচৰৰ ৰায়দান প্ৰদান কৰিব ৷

ABOUT THE AUTHOR

...view details