অসম

assam

ETV Bharat / international

অতীজৰে পৰা ভাৰত আমাৰ ঘনিষ্ঠ বন্ধু

ভাৰত চীন দুয়োখনে আমাৰ বন্ধু দেশ হোৱাৰ উপৰিও ভাল প্ৰতিৱেশী ৰাষ্ট্ৰ । মঙলবাৰে এই মন্তব্য কৰে বাংলাদেশৰ বিদেশ মন্ত্ৰী আব্দুল মোমনে । তাৰোপৰি বিগত ১৬ জুনত দুয়োখন দেশৰ মাজত হোৱা সংঘৰ্ষত শ্বহীদ হোৱা জোৱানসকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বাংলাদেশ মন্ত্ৰী আব্দুল মোমনে ।

আব্দুল মোমন
ভাৰত আমাৰ ঘনিষ্ঠ বন্ধুঃ আব্দুল মোমন

By

Published : Jun 24, 2020, 3:57 PM IST

নিউজ ডস্ক, ২৪ জুনঃবাংলাদেশ আৰু ভাৰতৰ মাজত পূৰ্বৰ পৰাই বন্ধুত্ব আছে । লগতে ভাৰত আৰু চীনৰ মাজত সীমাত অব্যাহত থকা উত্তেজনা কূটনৈতিকভাৱে সমাধান কৰা হ'ব বুলি মঙলবাৰে মন্তব্য কৰে বাংলাদেশৰ বিদেশ মন্ত্ৰী অব্দুল মোমনে ।

বিদেশ মন্ত্ৰী অব্দুল মোমনে এটি সাক্ষাৎকাৰত কয় যে, বাংলাদেশ শান্তিৰ দূত । ঢাকা সদাই তেখেতসকৰ ওচৰ-চুবুৰীয়াৰ লগত শান্তিপূৰ্ণভাৱে সহবাস কৰি আহিছে । আমি প্ৰত্যেক সমস্যাৰ ওপৰত চৰ্চা কৰি সমাধান বিচাৰিবলৈ ইচ্ছা প্ৰকাশ কৰো । আমি ইতিমধ্যে ইন্দো-বাংলা পাৰস্পৰিক আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিছো ।

ভাৰত আমাৰ ঘনিষ্ঠ বন্ধুঃ আব্দুল মোমন

আমাৰ মুক্তি যুদ্ধৰ দিনৰ পৰাই বাস্তৱ ক্ষেত্ৰত ভাৰত আমাৰ সকলতকৈ ডাঙৰ বন্ধু হিচাপে পৰিগণিত হৈ আহিছে । ভাৰত চীন দুয়োখনে আমাৰ বন্ধু দেশ হোৱাৰ উপৰিও ভাল প্ৰতিৱেশী ৰাষ্ট্ৰ । দুয়োখনে আমাৰ বিকাশত সহায় কৰা ৰাষ্ট্ৰ বুলিও মত প্ৰকাশ কৰে অব্দুল মোমনে ।

তাৰোপৰি বিগত ১৬ জুনত দুয়োখন দেশৰ মাজত হোৱা সংঘৰ্ষৰ ফলত শ্বহীদ হোৱা দুয়োখন ৰাষ্ট্ৰৰ সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বাংলাদেশৰ বিদেশমন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details