অসম

assam

ETV Bharat / international

দ্বিপাক্ষিক সম্বন্ধ দৃঢ় কৰাৰ চুক্তি ভাৰত-নেদাৰলেণ্ডৰ

নতুন দিল্লীত ভাৰত - নেদাৰলেণ্ডৰ মাজত দিপাক্ষিক সম্বন্ধ উন্নত কৰাৰ লক্ষ্যৰে এক আলোচনাচক্ৰৰ আয়োজন কৰা হয় ৷ এই আলোচনাচক্ৰত দুই দেশৰ বহুকেইজন শীৰ্ষ বিষয়া উপস্থিত থাকে আৰু ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশত সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

By

Published : Apr 12, 2019, 10:11 AM IST

INDIA AND NETHERLANDS

নিউজ ডেস্ক, 12 এপ্ৰিল: বৃহস্পতিবাৰে ভাৰত আৰু নেদাৰলেণ্ডে দ্বিপাক্ষিক সহযোগিতাৰ লক্ষ্যৰে বিভিন্ন প্ৰয়োজনীয় দিশ সমূহ পুংখানুপুংখ ভাৱে অধ্যয়ন কৰে ৷ ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশত সহযোগিতা তথা আঞ্চলিক আৰু বহুপক্ষীয় দিশসমূহ চালি - জাৰি চাই ৰাষ্ট্ৰসংঘ আৰু অন্য আন্তৰ্জাতিক পৰ্যায়ত সহযোগিতাৰ বিষয়ত আলোচনা কৰে ৷

নতুন দিল্লীত দুই দেশৰ মাজত অনুষ্ঠিত বিদেশীয় কাৰ্যালয় পৰিদৰ্শন অনুষ্ঠানত উপস্থিত থাকে পশ্চিম ভাৰতৰ সচিব জিতেশ শৰ্মা, ভাৰতীয় বিদেশ মন্ত্ৰালয় আৰু নেদাৰলেণ্ডৰ বহুকেইজন উচ্চপদস্থ বিষয়া ৷ বিদেশ মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে, প্ৰত্যেকটো উচ্চ পৰ্যায়ৰ শিতানতে দুই দেশে বিনিয়োগ কৰাৰ প্ৰচেষ্টাৰে এই আলোচনা অনুষ্ঠিত কৰা হয় ৷

ABOUT THE AUTHOR

...view details