নিউজ ডেস্ক, 10 মে':কৈলাশ মানসৰোবৰলৈ যাত্ৰাৰ সময় কমাবলৈ উত্তৰাখণ্ডৰ মাজেৰে নিৰ্মাণ কৰা এক পথে সম্প্ৰতি উত্তাল কৰি তুলিছে ভাৰত আৰু নেপালৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক । নেপালৰ বিদেশ মন্ত্ৰণালয়ে পিথোৰগড় পথ নিৰ্মাণক লৈ আপত্তি দৰ্শোৱাৰ পিচত দেওবাৰে ভাৰত চৰকাৰে, নেপাল সীমান্তত কোনো ধৰণৰ সীমান্ত উলংঘা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে । ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিগত শুকুৰবাৰে এক ভিডিঅ' কন্ফাৰেঞ্চৰ যোগে এই পথ মুকলি কৰিছিল, যিয়ে দাৰচোলাৰ পৰা চীন সীমান্তত থকা লিপু লেখ সংযোগ কৰিছে, যাক নেপালে দেশখনৰ অংশ বুলি সঘনাই দাবী কৰে ।
শনিবাৰে নেপালৰ বিদেশ মন্ত্ৰণালয়ে এক দীঘলীয়া বিজ্ঞপ্তিৰ জৰিয়তে পথ নিৰ্মাণক লৈ ভাৰতৰ 'একপক্ষীয় সিদ্ধান্তৰ' বিৰোধ কৰে আৰু তেওঁলোকৰ দেশৰ সীমাৰ ভিতৰত কোনো ধৰণৰ নিৰ্মাণ কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় । নেপালে 1816 চনৰ চাগৌলী চুক্তিৰ কথা উল্লেখ কৰি মহাকালী নদীৰ পূবত অৱস্থিত অঞ্চলসমূহক তেওঁলোকৰ সীমাৰ অন্তৰ্গত বুলি দাবী কৰে । ইয়াৰ পিচতে ভাৰতবৰ্ষৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় যে, ভাৰতে কোনো ধৰণৰ সীমান্ত উলংঘা কৰা নাই । ''উত্তৰাখণ্ডৰ পিথোৰগড় জিলাত নিৰ্মাণ হোৱা এই পথ সম্পূৰ্ণভাৱে ভাৰতীয় সীমাৰ ভিতৰত । এই পথটো আগতেই থকা এটা পথৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা হৈছে, যিটো কৈলাশ মান সৰোবৰ ভ্ৰমণ কৰা তীৰ্থযাত্ৰী সকলে, ব্যৱসায়িক আৰু স্থানীয় বাসিন্দা সকলে ব্যৱহাৰ কৰি আহিছে'' বুলি তেওঁ কয় ।
ভাৰতবৰ্ষই বিগত বৰ্ষত সংবিধানৰ 370 দফা উঠাই লোৱাৰ পিচত সৃষ্টি হোৱা জম্মু-কাশ্মীৰ আৰু লাডাখৰ সীমা পুনৰ নিৰ্ধাৰণৰ পিচতেই ভাৰত-নেপাল দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটে । ভাৰতৰ নতুন ৰাজনৈতিক মানচিত্ৰত কালাপানীক ভাৰতৰ সীমাৰ অন্তৰ্গত বুলি দেখুওৱাৰ পিচতেই নেপালে এই সম্পৰ্কে তীব্ৰ আপত্তি দৰ্শায় । নেপালে ভৰত আৰু চীনৰ মাজত 2015 চনত হোৱা এক চুক্তি অনুসৰি, লিপু লেখ গিৰিপথক দুয়োখন দেশৰ দ্বিপাক্ষিক ব্যৱসায়ৰ পথ হিচাপে গণ্য কৰিবলৈ সন্মতি প্ৰকাশ কৰে ।