নিউজ ডেস্ক, ২৮ এপ্ৰিলঃভাৰতে প্ৰদান কৰা হাইড্ৰ'ক্সিক্ল'ৰকুইন টেবলেটৰ লগতে চাৰ্জিকেল মাস্ক তথা অন্যান্য স্বাস্থ্যজনিত সামগ্ৰী ইতিমধ্য লাভ কৰে বাংলাদেশে । ঢাকাস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত ৰিভা গাংগুলী দাসে বাংলাদেশ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী জাহিদ মালেকক এইসমূহ সামগ্ৰী অৰ্পন কৰে ।
ভাৰতে বাংলাদেশক ১ লাখ হাইড্ৰ'ক্সিক্ল'ৰকুইন টেবলেটৰ লগতে ৫০ হাজাৰ চাৰ্জিকেল মাস্ক প্ৰদান কৰিছে । ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে এইসমূহ সামগ্ৰী বাংলাদেশৰ Central Medical Stores Depotলৈ প্ৰেৰণ কৰা হৈছে । বাংলাদেশৰ স্বাস্থ্যমন্ত্ৰী জাহিদ মালেকে এইচেগতে ভাৰতৰ প্ৰধানমন্ত্ৰী তথা সমূহ ভাৰতবাসীক ধন্যবাদ জ্ঞাপন কৰে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ভাৰতে ২৫ মাৰ্চত বাংলাদেশক ৩০ হাজাৰ চাৰ্জিকেল মাস্ক আৰু ১৫ হাজাৰ হেড কাভাৰ প্ৰদান কৰিছিল । বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মমিনে কোভিড-১৯ৰ বাবে প্ৰদান কৰা এইসমূহ সাহাৰ্য সামগ্ৰী গ্ৰহণ কৰিছিল ।