অসম

assam

ETV Bharat / international

ভাৰতে আগতীয়াকৈ লাভ কৰিছিল শ্ৰীলংকা বিস্ফোৰণৰ তথ্য - Sri Lanka

ভাৰতে বাৰে বাৰে সতৰ্ক কৰি অহাৰ পাচতো শ্ৰীলংকাৰ চোৰাংচোৱা সংস্থাই প্ৰদান কৰা নাছিল গুৰুত্ব ৷ ভাৰতে জেৰা কৰা আই এচৰ সদস্যই প্ৰকাশ কৰিছিল আই এচে শ্ৰীলংকাৰ গীৰ্জাঘৰ সমূহ লক্ষ্য হিচাপে লোৱাৰ কথা ৷

বিস্ফোৰণৰ সম্পৰ্কে ভাৰতে শ্ৰীলংকাক বাৰে বাৰে কৰি আহিছিল সতৰ্ক

By

Published : Apr 24, 2019, 10:42 PM IST

হাইদৰাবাদ,24 এপ্ৰিল: আমেৰিকা আৰু ভাৰতৰ চোৰাংচোৱাই তথ্য দিয়াৰ পাচতো বিফল শ্ৰীলংকাৰ চোৰাংচোৱা বিভাগ ৷ কিন্তু দেশখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী অজ্ঞাত আছিল এই চোৰাংচোৱা তথ্যৰ বিষয়ে ৷

21 এপ্ৰিলত ধাৰাবাহিক ভাৱে হোৱা বিস্ফোৰণত কঁপি উঠিছিল ভাৰতীয় চুবুৰীয়া দেশখন ৷ প্ৰাণ হেৰুৱাইছিল তিনিশতাধিক নিৰীহলোকে ৷ দেশখনৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি দুয়োজনে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ ওচৰত নাছিল কোনো চোৰাংচোৱা তথ্য ৷ এই বিস্ফোৰণৰ বিষয়ে তথ্য থকা হ'লে তেওঁলোকে উচিত পদক্ষেপ গ্ৰহণ কৰিলেহেতেন বুলিও তেওঁলোকে প্ৰকাশ কৰে ৷

বিস্ফোৰণৰ সম্পৰ্কে ভাৰতে শ্ৰীলংকাক বাৰে বাৰে কৰি আহিছিল সতৰ্ক

আনহাতে তথ্য অনুসৰি ভাৰতৰ চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰা অনুসৰি শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পূৰ্বেই দেশখনক এই প্ৰদান কৰিছিল বিস্ফোৰণৰ তথ্য ৷ ভাৰতে এপ্ৰিলৰ প্ৰথম ভাগত কূটাঘাতমূলক ঘটনাৰ সম্ভাৱনীয়তাৰ বিষয়ে সূচনা দিয়াৰ উপৰিও বিস্ফোৰণৰ দুঘণ্টাৰ পূৰ্বেও ভাৰতীয় চোৰাংচোৱা সংস্থাই দিছিল তথ্য ৷ তথাপিটো শ্ৰীলংকাৰ চোৰাংচোৱা সংস্থাই গ্ৰহণ কৰা নাছিল কোনো পদক্ষেপ ৷ তথ্য অনুসৰি চাৰি এপ্ৰিলৰ পৰা 20 এপ্ৰিলৈ ভাৰতীয় চোৰাংচোৱা সংস্থা সমূহে সময়ে সময়ে শ্ৰীলংকাক সতৰ্ক কৰি আহিছিল ৷ শনিবাৰ ৰাতি তথা দেওবাৰে পুৱাও দিছিল তথ্য ৷শ্ৰীলংকাৰ চোৰাংচোৱাৰ সংস্থা সমূহৰ অৱহেলাৰ বাবেই দেশখনত প্ৰাণ হেৰুৱালে শ শ নিৰীহে । ইয়াৰোপৰি চোৰাংচোৱাৰ হাতত থকা তথ্যৰ বিষয়ে দেশখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী অৱগত নোহোৱাটো আশ্চৰ্য্যজনক । দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশ হোৱা আত্মঘাতী বোমাৰু সন্ত্ৰাসবাদী জাহৰাম হাচিমৰ নাম আছিল ভাৰতে শ্ৰীলংকাক প্ৰদান কৰা কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিবপৰা সন্ত্ৰাসবাদীৰ নামৰ তালিকাত অন্তৰ্ভূক্ত । ইয়াৰোপৰি ভাৰতে জেৰা কৰা আই এচৰ সদস্যই প্ৰকাশ কৰিছিল আই এচে শ্ৰীলংকাৰ গীৰ্জাঘৰ সমূহ লক্ষ্য হিচাপে লোৱাৰ কথা । এই তথ্য লাভ কৰা পাচতো নিৰ্লিপ্ত আছিল শ্ৰীলংকাৰ চোৰাংচোৱা সংস্থা ।

বিস্ফোৰণৰ সম্পৰ্কে ভাৰতে শ্ৰীলংকাক বাৰে বাৰে কৰি আহিছিল সতৰ্ক


বিভাগীয় নিৰ্লিপ্ততাৰ বা অৱহেলাৰ বাবে শ শ নিৰীহে প্ৰাণ হেৰুওৱাৰ পাচত এটাই প্ৰশ্ন উত্থাপন হয় ,কিয় ? কিয় সম্পূৰ্ণ তথ্য লাভ কৰাৰ পাচতো প্ৰদান কৰা নহ'ল কোনো গুৰুত্ব ৷ গ্ৰহণ কৰা নহ'ল কোনো পদক্ষেপ ৷

ABOUT THE AUTHOR

...view details