আফগানিস্তানৰ শান্তি প্ৰক্ৰিয়াত সহযোগিতা ভাৰত-চীনৰ - ETV BHARAT
ভাৰত আৰু চীনে আফগানিস্তানৰ শান্তি প্ৰক্ৰিয়াত সহযোগিতা কৰাৰ লক্ষ্যৰে শুকুৰবাৰে এক আলোচনাত মিলিত হয় । এই আলোচনাতে আফগানিস্তানৰ সাম্প্ৰতিক পৰিবেশ সম্পৰ্কে পৰ্যালোচনা কৰা হয় ৷
নিউজ ডেস্ক, ১১ মে': শুকুৰবাৰে ভাৰত আৰু প্ৰতিবেশী ৰাষ্ট্ৰ চীনে আফগানিস্তানৰ শান্তি - সম্প্ৰীতি স্থাপনৰ প্ৰক্ৰিয়াত কাম কৰাৰ লক্ষ্যৰে সন্মতি জনাইছে । চীনৰ স্পেচিয়েল এনভয় এম্বেছাদৰ ডেং জিউনে ভাৰত ভ্ৰমণলৈ আহি ভাৰতীয় উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক আলোচনাত অংশগ্ৰহণ কৰিছিল । এই আলোচনাতে আফগানিস্তানৰ সাম্প্ৰতিক পৰিবেশ সম্পৰ্কে পৰ্যালোচনা কৰা হয় ৷
উল্লেখ্য যে, যোৱা বছৰৰ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে য়ুহানত এক আলোচনাচক্ৰত অংশগ্ৰহণ কৰিছিল । এই আলোচনাতে আফগানিস্তানৰ শান্তি প্ৰক্ৰিয়া সম্পৰ্কে বিভিন্ন দিশত আলোচনা চলাইছিল ।