অসম

assam

ETV Bharat / international

পাকিস্তানৰ সৈতে গম্বুজ ভঙাৰ বিষয় উত্থাপন ভাৰতৰ - গুৰুদ্বাৰ

ভাৰতে পাকিস্থানলৈ সংবাদ প্ৰেৰণ কৰিছে যে, কৰতাৰপূৰৰ চাহেব গুৰুদ্বাৰৰ সংৰচনাৰ ক্ষতি হৈছে । সেয়ে শিখ সম্প্ৰদায় বাৰুকৈয়ে উদ্বিগ্ন হৈ আছে । ভাৰতে এই বিষয়টো পাকিস্তানৰ সৈতে উত্থাপন কৰিছে ।

পাকিস্তানৰ সৈতে গম্বুজ ভঙাৰ বিষয় উত্থাপন ভাৰতৰ, মেৰামতি হৈছে কিছু অংশৰ
পাকিস্তানৰ সৈতে গম্বুজ ভঙাৰ বিষয় উত্থাপন ভাৰতৰ, মেৰামতি হৈছে কিছু অংশৰ

By

Published : Apr 20, 2020, 8:14 PM IST

নতুন দিল্লী, 20 এপ্ৰিলঃ কৰতাৰপূৰ চাহেব গুৰুদ্বাৰৰ বিষয়টো পাকিস্তানৰ সৈতে উত্থাপন কৰিছে ভাৰতে । গুৰুদ্বাৰৰ গম্বুজটোৰ সংৰচনা ভাঙি পৰিছে ।

এক সূত্ৰৰ মতে,ভাৰতে ইছলামাবাদলৈ সংবাদ পঠিয়াই কৈছে যে,গুৰদ্বাৰৰ এই ক্ষতিয়ে উদ্বিগ্ন কৰি তুলিছে শিখ ধৰ্মৰ লোকসকলক ।

ধুমুহাত তচনচ হৈ খহি পৰিছে গুৰুদ্বাৰৰ গম্বুজ

উল্লেখ্যে যে,পাকিস্তানত শুকুৰবাৰে অহা প্ৰচণ্ড ধুমুহাই নতুনকৈ নিৰ্মাণ কৰা কৰতাৰপূৰৰ চাহেব গুৰুদ্বাৰৰ গম্বুজৰ 8 টা স্থানত বিস্তৰ ক্ষতি কৰে ।ভাৰত চৰকাৰে পাকিস্তানৰ চৰকাৰক ক্ষতিৰ বুজ লৈ পুনঃনিৰ্মাণৰ আহ্বান জনোৱাৰ লগতে শিখ ধৰ্মাৱলম্বী লোকৰ আৱেগক বুজিবলৈয়ো অনুৰোধ জনাই ।

গুৰুদ্বাৰটোত ফাঁট

উল্লেখ্য যে,গুৰুদ্বাৰটো 15 এপ্ৰিলৰ পৰা কৰ'ণা ভাইৰাছ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বন্ধ ৰখা হৈছিল । এই গুৰুদ্বাৰটো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে 2019 চনৰ 9 নৱেম্বৰত উদ্বোধন কৰিছিল ।

গুৰুদ্বাৰৰ ক্ষতিগ্ৰস্থ অংশ

কৰতাৰপূৰ চাহেব গুৰুদ্বাৰ পাকিস্তানৰ নাৰোৱাল জিলাত অৱস্থিত। এই গুৰুদ্বাৰত শিখ ধৰ্মীয় গুৰু,গুৰু নানক দেৱে নিজৰ জীৱনৰ অন্তিম কালচোৱা কটাইছিল । কিন্তু 1947 চনৰ ভাৰত বিভাজনৰ সময়ত এই স্থান পাকিস্তানৰ ভাগত পৰিছিল ।

লগতে পঢ়কঃ পেন্সন হ্ৰাসৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই চৰকাৰে

ABOUT THE AUTHOR

...view details