নিউজ ডেস্ক,12 এপ্ৰিলঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ কৰা মন্তব্য সম্পূৰ্ণ অসত্য তথা বিষয় বস্তুৰ পৰা বাহিৰত বুলি দাবী কৰে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ৷ কুৰেশ্বীয়ে কয় যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে এনে কোনো মন্তব্য কৰা নাই আৰু ভাৰতীয় সংবাদ মাধ্যমে সকলোবোৰ বাতৰিতে ৰহণ সনাৰ চেষ্টা কৰে ৷ পাকিস্তানৰ শীৰ্ষ সংবাদ মাধ্যম "ডন"ত প্ৰকাশ পোৱা অনুসৰি বিষয়বস্তুৰ পৰা বাহিৰত গৈ ভাৰতীয় সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে ৷ লগতে কুৰেশ্বীয়ে এইয়াও জনাই যে, মোডীক লৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কৰা মন্তব্যৰ ৰেকৰ্ডো তেওঁলোকৰ ওচৰত মজুত আছে ৷
ইমৰাণ খানৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া কুৰেশ্বীৰ - ETV BHARAT
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ কৰা মন্তব্য সম্পূৰ্ণ অসত্য তথা বিষয়বস্তুৰ পৰা বাহিৰত বুলি দাবী কৰে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ৷ ইমৰাণ খানৰ মন্তব্যই এতিয়া পাকিস্তানৰ লগতে ভাৰততো খলকনি তুলিছে ৷
উল্লেখ্য যে,এসপ্তাহ পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে মন্তব্য কৰিছিল যে, ভাৰতত পুনৰ বিজেপি ক্ষমতালৈ আহিলে কাশ্মীৰ সমস্যাৰ সমাধান হোৱাৰ কিছু সম্ভাৱনা আছে ৷ তেওঁ কৈছিল যে, মোডী আকৌ এবাৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'লে ভাৰতৰ সৈতে পাকিস্তানৰ শান্তি আলোচনা হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ৷
ইমৰাণ খানৰ এই মন্তব্যই এতিয়া পাকিস্তানৰ লগতে ভাৰততো খলকণি তুলিছে ৷ পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়ে তেওঁৰ মন্তব্যক গৰিহণা দি কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী পাকিস্তানৰ বাবে বিপদ ৷ সেইদৰে ভাৰতীয় কংগ্ৰেছে দাবী কৰে যে,পাকিস্তানৰ সৈতে মোডীৰ মিত্ৰজোঁট সকলোৰে চকুত পৰিছে আৰু মোডীক ভোট কৰা আৰু পাকিস্তানক ভোট কৰা একে কথা ৷