ইন্টাৰনেশ্বনেল ডেস্ক, 7 অক্টোবৰ : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে তিনিদিনীয়া ভ্ৰমণসূচীৰে চীনলৈ উৰা মাৰিছে ৷ চীন-পাকিস্তান অৰ্থনৈতিক ক'ৰিডৰ (CPEC) আৰু কাশ্মীৰ সম্পৰ্কত দ্বিপাক্ষিক আলোচনাৰ উদ্দেশ্যে চীন ভ্ৰমণ কৰিছে ইমৰান খানে ৷
তিনিদিনীয়া ভ্ৰমণসূচীৰে চীনলৈ ইমৰান খান - এটা বছৰৰ ভিতৰত খানৰ এয়া তৃতীয়টো চীন ভ্ৰমণ
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে তিনিদিনীয়া ভ্ৰমণসূচীৰে চীনলৈ উৰা মাৰিছে ৷ চীন-পাকিস্তান অৰ্থনৈতিক ক'ৰিডৰ (CPEC) আৰু কাশ্মীৰ সম্পৰ্কত দ্বিপাক্ষিক আলোচনাৰ উদ্দেশ্যে চীন ভ্ৰমণ কৰিছে ইমৰান খানে ৷
চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ ভাৰত আৰু নেপাল ভ্ৰমণৰ পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে চীন ভ্ৰমণ কৰা সংবাদে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ কৃষি, উদ্যোগ আৰু আৰ্থ-সামাজিক খণ্ডৰ লগতে চীন-পাকিস্তান অৰ্থনৈতিক ক'ৰিডৰৰ অধীনত বিভিন্ন প্ৰকল্প আৰম্ভ কৰাৰ সম্পৰ্কত আলোচনা কৰিব ভ্ৰমণৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি, দুয়ো দেশৰ মাজত ব্যৱসায়-বাণিজ্য আৰু অৰ্থনীতি বিকাশৰ সূত্ৰে বেইজিঙত চীন-পাকিস্তান ব্যৱসায় গোষ্ঠীৰ সৈতে মিলিত হ'ব তেওঁ ৷ চীনৰ উদ্যোগপতি আৰু বিভিন্ন উদ্যোগৰ মুৰব্বী সকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব ইমৰান খান ৷
উল্লেখ্য যে, এটা বছৰৰ ভিতৰত খানৰ এয়া তৃতীয়টো চীন ভ্ৰমণ ৷ তেওঁৰ সৈতে এই ভ্ৰমণত থাকিব বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বী, ৰেলৱে' মন্ত্ৰী শ্বেইখ ৰাছিদ, পৰিকল্পনা মন্ত্ৰী খুছৰো বাক্তিয়াৰ আৰু বিত্ত উপদেষ্টা হাফিজ শ্বেইখ ৷