অসম

assam

ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত হোৱাৰ সপোন মালালাৰ

By

Published : Mar 1, 2021, 11:11 AM IST

ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত হোৱাৰ সপোন মালালা ইউচুফজাইৰ । ভাৰত-পাকিস্তানবাসীয়ে এতিয়া শান্তিৰে বাস কৰিব বিচাৰে । সীমা বিভাজন আৰু জয়ৰ দৰ্শনে আৰু কাম নকৰে । মানুহ হিচাপে আমি সকলোৱে শান্তিত বাস কৰিব বিচাৰো । ভাৰত আৰু পাকিস্তানৰ প্ৰকৃত শত্ৰু হৈছে দৰিদ্ৰতা, ভেদভাৱ আৰু বৈষম্যতা । সকলো কথা পাহৰি দুয়োখন দেশ একত্ৰিত হ'ব লাগে-এই মন্তব্য শান্তি বঁটা বিজয়ী মালালা ইউচুফজাইৰ ।

ভাৰত-পাকিস্তানৰ সম্পৰ্ক গাঢ় হোৱাৰ সপোন মালালা ইউচুফজাইৰ
ভাৰত-পাকিস্তানৰ সম্পৰ্ক গাঢ় হোৱাৰ সপোন মালালা ইউচুফজাইৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,১ মাৰ্চ: ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত হোৱাৰ সপোন ন’বেল শান্তি বঁটা বিজয়ী মালালা ইউচুফজাইৰ । সীমাৰ ভিতৰতে আৱদ্ধ কৰা নীতি আৰু এতিয়া অৰ্থহীন । ভাৰত-পাকিস্তানবাসীয়ে এতিয়া শান্তিৰে বাস কৰিব বিচাৰে । জয়পুৰৰ সাহিত্য মহোৎসৱৰ সমাপ্তিৰ দিনা উপস্থিত থাকি এইদৰে মন্তব্য কৰে ন'বেল শান্তি বঁটা বিজয়ী, লেখিকা মালালা ইউচুফজাইয়ে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰত-পাকিস্তান সম্পৰ্কৰ লগতে শিক্ষা, মানৱ অধিকাৰকে ধৰি তেওঁৰ যাত্ৰাৰ বিভিন্ন বিষয়ত নিজৰ মত ব্যক্ত কৰে মালালাই ।

ভাৰত-পাক সম্পৰ্কত মালালাই কৈছিল 'আপুনি ভাৰতীয় আৰু মই পাকিস্তানী । আমি সম্পূৰ্ণৰূপে ভাল । তেন্তে আমাৰ মাজত এই ঘৃণাৰ কিয় সৃষ্টি হৈছে ? সীমা, বিভাজন, জয়ৰ দৰ্শনে আৰু কাম নকৰে । মানুহ হিচাপে আমি সকলোৱে শান্তিত বাস কৰিব বিচাৰো' । ভাৰত আৰু পাকিস্তানৰ প্ৰকৃত শত্ৰু হৈছে দৰিদ্ৰতা, ভেদভাৱ আৰু বৈষম্যতা । সকলো কথা পাহৰি দুয়োখন দেশ একত্ৰিত হ'ব লাগে বুলি মালালাই উল্লেখ কৰিছিল । ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ উপৰিও মালালাই সেই দিনটোৰ অপেক্ষাত আছে, যিদিনাখন প্ৰতিজনী ছোৱালীয়ে বিদ্যালয়লৈ যাব আৰু উচ্চ শিক্ষা লাভ কৰাৰ সুযোগ পাব ।

২০১২ চনৰ অক্টোবৰত তালিবান উগ্ৰপন্থীয়ে মালালাক মুৰত গুলীৰে আঘাত কৰাৰ সন্দৰ্ভতো কয় যে তেওঁক মুৰত গুলিওৱাৰ পাচতো প্ৰাণৰক্ষা পৰিছিল । এই ঘটনাক অলৌকিক ঘটনাৰে তুলনা কৰে মালালাই ।

লগতে পঢ়ক: পুনৰ সকলো পক্ষৰ দৃষ্টি নিৱদ্ধ হৈছে নেপালৰ ওপৰত

ABOUT THE AUTHOR

...view details