অসম

assam

By

Published : Aug 2, 2020, 10:11 PM IST

ETV Bharat / international

প্ৰৱল বৃষ্টিপাতৰ ফলত দক্ষিণ কোৰিয়াত বান: ৬জনৰ মৃত্যু, ৭জন সন্ধানহীন

দক্ষিণ কোৰিয়াৰ আভ্যন্তৰীণ সুৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি, প্ৰৱল বৃষ্টিপাতৰ ফলত দৰ্জনৰো অধিক স্থানত হৈছে ভয়াবহ ভুমিস্খলন । তাৰোপৰি ভুমিস্খলন হোৱা স্থানসমূহৰ লগতে বিভিন্ন জনবহুল এলেকা বৰষুণৰ পানীত সম্পূৰ্ণ ৰূপে ডুবি যোৱা পৰিলক্ষিত হৈছে । আনহাতে বহকেইখন নদীৰ পাৰৰ গাঠনি সমূহৰো বহু পৰিমানে ক্ষয়ক্ষতি হৈছে । প্ৰৱল বৃষ্টিপাতৰ ফলত বৰ্তমানলৈকে ৬জনকৈ লোকৰ মৃত্যু হোৱাৰ সম্ভেদ পোৱা গৈছে । ৩৬০ ঘৰতকৈ অধিক লোক হ'ব লগা হৈছে গৃহহীন ।

Heavy rain hammers South Korea, leaving 6 dead, 7 missing
প্ৰৱল বৃষ্টিপাতৰ ফলত দক্ষিণ কোৰিয়াত বান:৬জনৰ মৃত্যুৰ লগতে ৭জন নিৰুদ্দেশ

নিউজ ডেস্ক, ২আগষ্ট: দেওবাৰে ৰাষ্ট্ৰখনৰ এগৰাকী শীৰ্ষ বিষয়াই অৱগত ক'ৰা তথ্য মতে সপ্তাহটোৰ শেষৰ ফালৰ পৰা দক্ষিণ কোৰিয়াৰ বেচিভাগ অঞ্চলতে হোৱা প্ৰৱল বৃষ্টিপাত আৰু বৃষ্টিপাতৰ ফলত হোৱা বানত দেশখনত ৬জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৭জন লোক সন্ধানহীন হৈছে ।

দেশখনৰ আভ্যন্তৰীণ সুৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, প্ৰৱল বৃষ্টিপাতৰ ফলত ৰাষ্ট্ৰখনৰ দৰ্জনৰো অধিক স্থানত হৈছে ভয়াবহ ভুমিস্খলন । তাৰোপৰি ভুমিস্খলন হোৱা স্থানসমূহৰ লগতে বিভিন্ন জনবহুল এলেকা বৰষুণৰ ফলত জমা হোৱা পানীত সম্পূৰ্ণ ৰূপে ডুবি যোৱা পৰিলক্ষিত হৈছে । আনহাতে বহকেইখন নদীৰ পাৰৰ গাঠনি সমূহৰো বহু পৰিমানে ক্ষয়ক্ষতি হৈছে ।

দেশখনৰ চিউল আৰু মধ্য অঞ্চলত অধিক ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ।

মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা ভূমিস্খলনত আবদ্ধ হৈ ৬জন লোকৰ মৃত্যু হৈছে । তাৰোপৰি ভূমিস্খলন আৰু বানৰ ফলত বহকেইটা বৃহৎ অট্টালিকাৰো যথেষ্ট ক্ষয় ক্ষতি হৈছে ।

মন্ত্ৰালয়ৰ সূত্ৰই সদৰি কৰা মতে, শনিবাৰে ১জন ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে দেওবাৰে বাকী ৫জন লোকৰ মৃত্যু হৈছে । মৃত্যু হোৱা আটাইকেইগৰাকী লোক চিউল মহানগৰীয় আৰু মধ্য অঞ্চলৰ ।

মন্ত্ৰালয়ে এই তথ্যও অৱগত কৰে যে, প্ৰৱল বৃষ্টিপাত আৰু বানৰ ফলত ৬জন লোক গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে ৩৬০ ঘৰতকৈ অধিক লোক গৃহহীন হ'ব লগা হৈছে ।

চিউল আৰু মধ্য অঞ্চলত সোমবাৰৰ পুৱাৰলৈকে বৰষুণৰ পৰিমান আৰু অধিক হোৱাৰ সন্দেহ ব্যক্ত কৰিছে ৰাষ্ট্ৰখনৰ বতৰ বিজ্ঞান বিভাগে ।

ABOUT THE AUTHOR

...view details