কাবুল, 25 মাৰ্চঃ আফগানিস্তানৰ কাবুল চহৰত বুধবাৰে সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিলে বৃহৎ বোমা আক্ৰমণৰ ঘটনা ৷ এই ঘটনাত ইতিমধ্যে কাবুলস্থিত সংখ্যালঘূ শিখ সম্প্ৰদায়ৰ 25 জনৰো অধিক লোক নিহত হোৱা বুলি শেহতীয়া তথ্যত প্ৰকাশ ৷ কাবুলৰ শিখ সকলৰ এটা উপাসনা গৃহত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত কমেও চাৰিজনকৈ লোক নিহত হয় ৷ আফগানিস্তানৰ আভ্যন্তৰীণ বিভাগৰ মন্ত্ৰীৰ উদ্ধৃতিত প্ৰকাশিত বাতৰি মতে নিৰাপত্তাৰক্ষীয়ে ততালিকে সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দিয়ে আৰু বাতৰি পৰলৈ দুয়োপক্ষৰ মাজত গুলিয়াগুলি চলি আছে ৷
কাবুলত শিখ সম্প্ৰদায়ৰ ওপৰত আক্ৰমণঃ নিহত 25ৰো অধিক - গুৰুদ্বাৰা
কাবুলৰ শিখ সকলৰ এটা উপাসনা গৃহত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত কমেও 25 গৰাকী লোক নিহত হয় ৷ ঘটনা সংঘটিত হোৱাৰ সময়ত গুৰুদ্বাৰাটোত প্ৰায় 150 জন লোক উপস্থিত আছিল ৷
কাবুলত শিখ সম্প্ৰদায়ৰ ওপৰত আক্ৰমণঃ নিহত 4
উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ সময়ত গুৰুদ্বাৰাটোত প্ৰায় 150 জন লোক উপস্থিত আছিল ৷ এই ঘটনাক লৈ কোনে এটা গোটে দায়িত্ব স্বীকাৰ কৰা নাই ৷ অৱশ্যে তালিবান বিদ্ৰোহীৰ মুখপাত্ৰ জাবিহুল্লাহ মোজাহিদে টুইটাৰযোগে এই ঘটনাত জড়িত নাই বুলি দাবী কৰিছে ৷ ইয়াৰ পূৰ্বেও চলিত মাহৰ প্ৰথম ভাগত ইছালামিক ষ্টেটৰ এটা গোটে কাবুলৰ ছিয়া সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰিছিল আৰু সেই ঘটনাত 32 জন লোক নিহত হৈছিল ৷
Last Updated : Mar 25, 2020, 5:21 PM IST