অসম

assam

ETV Bharat / international

শ্ৰীলংকাৰ সিংহাসনঃ ৰাজাপাকসা বনাম প্ৰেমাদাসা !

16 নৱেম্বৰত শ্ৰীলংকাত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতি নিৰ্বাচন ৷ দেশখনৰ এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সৰ্বাধিক 35 গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ প্ৰাৰ্থীসকলৰ ভিতৰত গোটাবায়া ৰাজাপাকসা আৰু সাজিথ প্ৰেমাদাসা অন্যতম ৷

ৰাজাপাকসা বনাম প্ৰেমাদাসা

By

Published : Nov 15, 2019, 7:19 PM IST

নিউজ ডেস্ক, 15 নৱেম্বৰঃশ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী ৷ 16 নৱেম্বৰত দেশখনত অনুষ্ঠিত হ'ব অষ্টম সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচন ৷ দেশখনৰ এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সৰ্বাধিক 35 গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ অৱশ্যে বিস্ময়কৰ বিষয় এইটো যে, এইবাৰৰ নিৰ্বাচনত বৰ্তমানৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী অথবা বিৰোধী দলৰ নেতাই তাৎপৰ্যপূৰ্ণভাৱে প্ৰতিদ্বন্দিতা কৰা নাই ৷

ইয়াৰ পাচতো এইবাৰৰ নিৰ্বাচনত প্ৰায় 35 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ৷ যিটো সম্ভৱত 2015 চনৰ নিৰ্বাচনৰ তুলনাত দুগুণ ৷ মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত দেশখনত নৱ-গঠিত দল শ্ৰীলংকা পডূগনা পেৰামূনা চমুকৈ এচ এল পি পিৰ নেতা গোটাবায়া ৰাজাপাকসা আৰু শাসনাধিষ্ঠ ইউনাইটেড নেশ্বনেল দলৰ নেতা সাজিথ প্ৰেমাদাসা অন্যতম ৷

শ্ৰীলংকাৰ নিৰ্বাচন

গোটাবায়া ৰাজাপাকসা দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দ্ৰা ৰাজাপাকসাৰ কনিষ্ঠ ভাতৃ ৷ গোটাবায়া ৰাজাপাকসাৰ বিৰুদ্ধে তামিল উগ্ৰপন্থী সংগঠন LTTE ৰ সৈতে চামিল হৈ নদীদ্বীপটোত সন্ত্ৰাস চলোৱাৰ অভিযোগ আছে ৷ ইয়াৰ বিপৰীতে ভোটাৰৰ মাজত সাজিথ প্ৰেমাদাসাৰ ছবিখন স্বচ্ছ আৰু স্পষ্ট ৷

এচ এল পি পি দলৰ মূল ভোটবেংক হৈছে দেশখনৰ বৌদ্ধ ধৰ্মীয় সিংহাল সম্প্ৰদায়ৰ লোক ৷ দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় 70 শতাংশ লোকেই সিংহাল সম্প্ৰদায়ৰ ৷ আনহাতে, ৰাইজৰ মাজত উন্নয়ন আৰু পিতৃ ৰণসিংঘা প্ৰেমাদাসৰ হত্যাকাণ্ডৰ তদন্তৰ দাবীৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে সাজিথ প্ৰেমাদাসাই ৷

লগতে পঢ়কঃ আজি ৰঞ্জন গগৈৰ কৰ্ম জীৱনৰ অন্তিমটো দিন

অৱশ্যে দুয়োটা দলে যুটীয়াভাৱেও কেইবাটাও বিষয় লৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ উক্ত বিষয়সমূহৰ ভিতৰত আছে - দেশখনৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত মন্থৰ গতি, ৰাষ্ট্ৰীয় সুৰক্ষা, দুৰ্নীতি ইত্যাদি অন্যতম ৷

উল্লেখ্য যে, দেশখনৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় 12 শতাংশ তামিল, 10 শতাংশ মুছলিম, আৰু 7 শতাংশ খ্ৰীষ্টান লোক ৷ দেশখনত খ্ৰীষ্টান লোকসকলে ৰাজাপাকসাক সৰ্মথন আগবঢ়োৱাৰ অনুমান ব্যক্ত কৰা হৈছে যদিও মুছলিম সম্প্ৰদায়ৰ লোকে প্ৰেমাদাসাক সমৰ্থন আগবঢ়াব বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত ৷

শ্ৰীলংকাৰ নিৰ্বাচন

ভাৰতৰ প্ৰেক্ষাপটত শ্ৰীলংকাৰ নিৰ্বাচনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ দুয়োখন দেশৰ দ্বিপাক্ষিক সমন্ধক তৰান্বিত কৰাৰ উদ্দেশ্যে এই নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ ৷ বিশেষকৈ চীনৰ সৈতে শ্ৰীলংকাৰ ঘনিষ্ঠ সম্বন্ধ চিন্তাৰ বিষয় হৈ পৰিছে নতুন দিল্লীৰ বাবে ৷

লগতে পঢ়কঃ চীনৰ লগত ঘনিষ্ঠতাক লৈ চিন্তিত হ’ব নালাগে ভাৰত: শ্ৰীলংকা

ৰাজাপাকসা ঘোৰ কংগ্ৰেছী সমৰ্থক হোৱাৰ লগতে চীনৰ সৈতেও তেওঁৰ সম্পৰ্ক ভাল ৷ আনহাতে, প্ৰেমাদাসা ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সু-সম্পৰ্ক বৰ্তাই ৰখাৰ পোষকতা কৰে ৷ এখন দেশ হিচাপে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শ্ৰীলংকাই সন্মান লাভ কৰাটো প্ৰেমাদাসৰ প্ৰাথমিক লক্ষ্য ৷

প্ৰেমাদাসাই কয় যে, মই শ্ৰীলংকাৰ যুগান্তকাৰী পৰিৱৰ্তনৰ বাবে অধীৰ অপেক্ষাত ৰৈ আছো ৷ য'ত প্ৰত্যেকটো শ্ৰেণীৰ লোকে সম উন্নয়ন আৰু সমবিকাশ লাভ কৰিব ৷

ABOUT THE AUTHOR

...view details