অসম

assam

ETV Bharat / international

বাংলাদেশত হিন্দু মন্দিৰত আক্ৰমণ : তিনিজন নিহত - বাংলাদেশত বিপদত হিন্দু ধৰ্মাৱলম্বী লোক

দুৰ্গা পূজা উদযাপনত সকলো ব্যস্ত থকাৰ মাজতে বিপদত বাংলাদেশৰ হিন্দু ধৰ্মাৱলম্বী লোক ৷ দেশখনৰ হিন্দু মন্দিৰসমূহত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ ৷ আক্ৰমণৰ ফলত তিনিজনকৈ লোক নিহত হোৱাৰ লগতে বহুলোক আঘাতপ্ৰাপ্ত ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে 22 খনকৈ জিলাত অৰ্ধসামৰিক বাহিনী মোতায়েন ৷

Goons attack Hindu temples in Bangladesh
বাংলাদেশত হিন্দু মন্দিৰত আক্ৰমণ

By

Published : Oct 14, 2021, 7:37 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক , 14 অক্টোবৰ :অতিমাৰীসৃষ্ট পৰিৱেশৰ বাবে ইতিমধ্যে বহুকেইটা উৎসৱৰ আনন্দ উদযাপনৰ পৰা বঞ্চিত হোৱাৰ পাচত এইবাৰ নিৰ্দিষ্ট প্ৰট'কলৰ মাজেৰে সকলোৱে দুৰ্গা পূজা উদযাপনত ব্যস্ত থকাৰ মাজতে বিপদত পৰিছে বাংলাদেশৰ হিন্দু ধৰ্মাৱলম্বী লোকসকল ৷ প্ৰাপ্ত খবৰ অনুসৰি, দুৰ্গা পূজা উদযাপনৰ সময়তে কোনো অচিনাক্ত দুৰ্বৃত্তই দেশখনৰ হিন্দু মন্দিৰসমূহত আক্ৰমণ সংঘটিত কৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ 22 খনকৈ জিলাত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷

জানিব পৰা মতে, অচিনাক্ত দুৰ্বৃত্তই মন্দিৰসমূহত চলোৱা আক্ৰমণৰ ফলত তিনিজনকৈ লোক নিহত হোৱাৰ লগতে বহুলোক আঘাতপ্ৰাপ্ত হৈছে ৷ বিভিন্ন সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ঈৰ্ষা আৰু নিন্দাজনিত কাৰণত Cumillaস্থিত এটা স্থানীয় মন্দিৰত এই ঘটনাৰ সূত্ৰপাত হয় ৷ পাচলৈ পৰিস্থিতিৰ বিপৰ্যয় ঘটে আৰু চান্দপুৰৰ Hajiganj, চট্টগ্ৰামৰ Banshkhali আৰু Cox's Bazarৰ Pekua আদি অঞ্চলৰ হিন্দু মন্দিৰসমূহত আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷

এটা পৰ্যায়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু কেইবাটাও দুৰ্গা পূজা স্থানত অনুৰূপ ঘটনা সংঘটিত হয় ৷ আইন-শৃংখলা বজাই ৰাখিবলৈ চেষ্টা কৰাৰ ফলত স্থানীয় প্ৰশাসন তথা আৰক্ষীও আক্ৰমণৰ সন্মুখীন হয় বুলি জানিব পৰা গৈছে ৷

খবৰ অনুসৰি, বুধবাৰে কুমিল্লাত সংঘটিত ঘটনাৰ পিছত চান্দপুৰৰ হাজিগঞ্জ উপজিলাত জনতা আৰু আৰক্ষীৰ সংঘৰ্ষত কমেও তিনিজন লোক নিহত আৰু বহুলোক আহত হয় ৷ পিছত, পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ উদ্দেশ্যে ৰেপিড একচন বেটেলিয়ন (Bangladesh Police Rapid Action Battalion) আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশ(Border Guard Bangladesh) বাহিনী নিয়োজিত কৰা হয় ৷

ইফালে পৰিস্থিতিৰ অধিক অৱনতি ঘটাত ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰালয়ে(religious affairs ministry) জৰুৰীকালীন জাননী জাৰি কৰি জনসাধাৰণক আইন হাতত নল'বলৈ আহ্বান জনোৱাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু শান্তি বজাই ৰখাৰ আহ্বান কৰা পৰিলক্ষিত হয় ৷ BGB ৰ operations Lieutenant colonel ফাইজুৰ ৰহমানে জানিবলৈ দিয়া মতে, ২২ খন জিলাত বিজিবি কৰ্মী মোতায়েন কৰা হৈছে যদিও স্থানীয় প্ৰশাসনে অনুৰোধ কৰিলে ৰাজধানীলৈও সৈন্য মোতায়েন কৰিব পৰা যাব ৷

লগতে পঢ়ক :১১১ বছৰীয়া লাহোৱাল পূজা মন্দিৰত পুৱাৰে পৰা আৰম্ভ হৈছে নৱমী পূজা

ABOUT THE AUTHOR

...view details