অসম

assam

ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

সমগ্ৰ বিশ্বতে 4,37,76,587 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণা মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা ৷ অৱশ্যে এই পৰ্যন্ত বিশ্বজুৰি 3,21,79,748 গৰাকীতকৈয়ো অধিক লোকে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে ৷

By

Published : Oct 27, 2020, 1:19 PM IST

বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক, 27 অক্টোবৰ: সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা 4,37,76,587 গৰাকীলৈ বৃদ্ধি পায় আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 11,64,515 তকৈো অধিক লোকলৈ ৷ অৱশ্যে এই পৰ্যন্ত 3,21,79,748 গৰাকীতকৈয়ো অধিক লোকে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

কৰ'ণা মহামাৰীয়ে আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত কৰা দেশ খন হ'ল আমেৰিকা ৷ আমেৰিকাত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 89,62,783 তকৈয়ো অধিক লোকলৈ ৷ আনহাতে দেশখনত মৃত্যু হোৱা লোকৰ সংখ্যা 2,31,045 গৰাকীতকৈয়ো অধিকলৈ বৃদ্ধি পালে ৷

আমেৰিকাত চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু মৃত্যুৰ হাৰো বৃদ্ধি পাবলৈ ধৰিছে ৷ দেশখনত পূৰ্বতকৈ অধিক নমুনা পৰীক্ষণৰ সংখ্যাও বৃদ্ধি কৰা হৈছে ৷

আনহাতে কৰ'ণা আক্ৰান্ত দেশৰ ভিতৰত দ্বিতীয় স্থানত থকা ভাৰতত আক্ৰান্তৰ সংখ্যা 79,45,888 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পাইছে ৷

ফ্ৰান্সৰ স্বাস্থ্য বিশেষজ্ঞ সকলে কৰ'ণাৰ দ্বিতীয় পৰ্যায়ৰ প্ৰদুৰ্ভাৱৰ বাবে দেশখনত পুনৰ বাৰলৈ লক ডাউন জাৰি কৰিবলৈ সকীয়নি প্ৰদান কৰিছে ৷ যিহেতু দেশখনত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷

লগতে পঢ়ক:অৱশেষত যুদ্ধবিৰতিলৈ অহাৰ সিদ্ধান্ত আৰ্মেনিয়া আৰু আজাৰবেইজানৰ

ABOUT THE AUTHOR

...view details