অসম

assam

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

By

Published : Oct 1, 2020, 3:33 PM IST

বিশ্বত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে 34,166,631 তকৈয়ো অধিক লোকলৈ ৷ অৱশ্যে এই পৰ্যন্ত 2,54,37,012 সংখ্যক লোকে আৰোগ্যও লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷

বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক, 1 অক্টোবৰ: বিশ্বজুৰি 34,166,631 তকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৷ আনহাতে এই মহামাৰীত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বতে 10,18,871 গৰাকীতকৈয়ো অধিক লোকে মৃত্যুক সাৱটি লৈছে ৷ অৱশ্যে এই পৰ্যন্ত 2,54,37,012 সংখ্যক লোকে আৰোগ্যও লাভ কৰিছে ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

দক্ষিণ কোৰিয়াত নতুনকৈ 77 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণাৰ অৱস্থিতি ৷ কোৰিয়া ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ সংস্থাই উল্লেখ কৰা তথ্য অনুসৰি, দেশখনত কৰ'ণা আক্ৰান্তৰ সংখ্যা 415 গৰাকী লোকৰ সৈতে 23,889 গৰাকীলৈ বৃদ্ধি পায় ৷

জৰ্জিয়াত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ 3,18,000 লৈ বৃদ্ধি পাইছে ৷ জৰ্জিয়া সম্প্ৰতি আক্ৰান্তৰ ক্ষেত্ৰত 24 তম স্থানত আছে ৷

লগতে পঢ়ক:COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details