নেশ্যনেল ডেস্ক, 27 ছেপ্তেম্বৰ:বিশ্বত কৰ'ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পালে 3,30,58,750 তকৈয়ো অধিক লোকলৈ ৷ আনহাতে 9,98,747 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ 2,44,11,772 গৰাকীতকৈয়ো অধিক লোকে বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে কৰ'ণা মহামাৰীৰ কবলৰ পৰা ৷
কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ সংখ্যা আটাইতকৈ অধিক পোৱা গৈছে আমেৰিকাত ৷ আমেৰিকাত 72,87,593 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পাইছে এই মহামাৰীৰ সংক্ৰমণ আৰু দেশখনত 2,09,177 গৰাকীতকৈয়ো অধিক লোকে মৃত্যুক সাৱটি লৈছে ৷