ইণ্টাৰনেশ্যনেল ডেস্ক, 23 ছেপ্তেম্বৰ:সমগ্ৰ বিশ্বতে 3,17,87,504 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৷ ইয়াৰ বিপৰীতে কৰ'ণাত আক্ৰান্ত হৈ 9,75,541 গৰাকী লোকে বিশ্বজুৰি মৃত্যুক সাৱটি লৈছে ৷ অৱশ্যে বৰ্তমানলৈ 2,34,02,708 গৰাকী লোকে এই মহামাৰীৰ কৱলৰ পৰা আৰোগ্য লাভ কৰিছে ৷
কৰ'ণা মহামাৰীয়ে আটাইতকৈ অধিক প্ৰভাৱিত কৰিছে আমেৰিকাক ৷ আমেৰিকাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 70,97,937 গৰাকী লোকলৈ ৷ লগতে 2,05,471 গৰাকী লোকে এই পৰ্যন্ত মৃত্যুক সাৱটি লৈছে দেশখনত ৷