অসম

assam

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

By

Published : Sep 9, 2020, 11:34 AM IST

সমগ্ৰ বিশ্বতে 2,77,22,242 তকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ সংখ্যা ৷ অৱশ্যে এই পৰ্যন্ত 1,98,12,247 গৰাকীতকৈয়ো অধিক লোক আৰোগ্য হৈ উঠিছে কৰ'ণা মহামাৰীৰ কৱলৰ পৰা ৷

ভিন্ন দেশৰ শেহতীয়া তথ্য
ভিন্ন দেশৰ শেহতীয়া তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক, 9 ছেপ্তেম্বৰ:সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 2,77,22,242 তকৈয়ো অধিক লোকলৈ ৷ আনহাতে বিশ্বজুৰি এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 9,00,878 তকৈয়ো অধিক লোকলৈ ৷ অৱশ্যে এই পৰ্যন্ত 1,98,12,247 গৰাকীতকৈয়ো অধিক লোক আৰোগ্য হৈ উঠিছে কৰ'ণা মহামাৰীৰ কৱলৰ পৰা ৷

মন কৰিব লগীয়া যে, দক্ষিণ কোৰিয়াত কৰ'ণা সংক্ৰমণৰ সংখ্যা 7 দিনৰ ভিতৰত 200 গৰাকীতকৈ হ্ৰাস পায় ৷ 11 দিন দক্ষিণ কোৰিয়াবাসীয়ে মানি চলা সামাজিক দূৰত্বৰ নিয়মৰ পাচতে দেশখনত পৰিৱৰ্তন ঘটে কৰ'ণাৰ সমক্ৰমণত ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

বুধবাৰে কোৰিয়াৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই সদৰী কৰা অনুসৰি, বিগত 24 ঘণ্টাত দেশখনত 156 গৰাকী নতুন আক্ৰান্ত লোকৰ তথ্য পোৱা গৈছে ৷ ইয়াৰ লগে লগে দেশখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় 21,588 গৰাকী লোকলৈ ৷ আনহাতে দেশখনত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 344 গৰাকীলৈ ৷

সোমবাৰৰ পৰা ইংলেণ্ডত ৰাজহুৱা স্থানত 6 গৰাকীতকৈ অধিক লোকৰ সামাজিক সমাগম নিষিদ্ধ কৰা হৈছে ৷ কৰ'ণা মহামাৰীৰ সংক্ৰমণ হ্ৰাসৰ বাবে চৰকাৰে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ এই নিয়ম লোকৰ ঘৰ, ৰেষ্টুৰেণ্ট, পাৰ্ক আদিৰ দৰে বাহিৰৰ সকলো স্থানতে বলবৎ কৰা হৈছে ৷ নিয়ম ভংগকাৰী সকলৰ বিৰুদ্ধে 100 পাউণ্ডৰ জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷

লগতে পঢ়ক:তৃতীয় পৰ্যায়ত উপনীত এষ্ট্ৰা জেনেকাৰ COVID-19ৰ ভেকচিনৰ পৰীক্ষণ: ট্ৰাম্প

ABOUT THE AUTHOR

...view details