নিউজ ডেস্ক, 6 ছেপ্তেম্বৰ:সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 2,70,62,804 গৰাকীলৈ ৷ ইয়াৰ বিপৰীতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 8,83,742 গৰাকীলৈ ৷ অৱশ্য 6 ছেপ্তেম্বৰলৈ পোৱা তথ্য অনুসৰি, বিশ্বৰ 19,162,725 গৰাকীকৈ লোকে ইতিমধ্যে আৰোগ্য লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷
কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ ক্ষেত্ৰত অতি শীঘ্ৰেই ভাৰতে বিশ্বৰ দ্বিতীয় আটাইতকৈ অধিক আক্ৰান্তৰ সংখ্যা পোৱা দেশ ব্ৰাজিলক অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে ৷