নিউজ ডেস্ক, 31 আগষ্ট: সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 2,53,84,823 তকৈয়ো অধিক লোকলৈ ৷ আনহাতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও 31 আগষ্ট পৰ্যন্ত বৃদ্ধি পালে 8,50,592 গৰাকীলৈ ৷ ইয়াৰ সমান্তৰালকৈ 17,706,841 তকৈয়ো অধিক লোকে এই পৰ্যন্ত অব্যাহতিও লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷
সোমবাৰে দক্ষিণ কোৰিয়াত 248 গৰাকীকৈ লোকৰ দেহত নতুনকৈ পোৱা গৈছে এই মহামাৰীৰ অৱস্থিতি ৷ কোৰিয়া ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই উল্লেখ কৰা তথ্য অনুসৰি, নতুনকৈ পোৱা আক্ৰান্ত সমূহৰ ভিতৰত 187 গৰাকী লোকেই চেউল মহানগৰৰ ৷