নিউজ ডেস্ক, 30 আগষ্ট:30 আগষ্টলৈ বিশ্বজুৰি 2,51,55,782 তকৈয়ো অধিক লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ আনহাতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 8,45,956 তকৈয়ো অধিক লোকলৈ ৷ অৱশ্যে এই পৰ্যন্ত সমগ্ৰ বিশ্বতে 1,74,99,592 তকৈয়ো অধিক লোকে এই মহামাৰীৰ কবলৰ পৰা অব্যাহতিও লাভ কৰিছে ৷
শেহতীয়াকৈ আমেৰিকাত সৰ্বাধিক COVID-19 আক্ৰান্ত লোক ধৰা পৰিছে ৷ আমেৰিকাত শেহতীয়াকৈ 61,00,000 তকৈয়ো অধিক লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে, 1,80,000 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷ একেদৰে ব্ৰাজিলতো 38,00,000 তকৈয়ো অধিক লোক শেহতীয়াকৈ আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ লগতে দেশখনত 1,20,000 তকৈয়ো অধিক লোকে মৃত্যুক সাৱটি লৈছে ৷ আমেৰিকাৰ পাচতে দ্বিতীয় স্থানত আছে ব্ৰাজিল ৷