অসম

assam

বিশ্বৰ ভিন্ন দেশত কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক পৰিসংখ্যা

By

Published : Aug 10, 2020, 11:54 AM IST

10 আগষ্টলৈ সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 2,00,16,302 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ কৰ'ণা মহামাৰীৰ সংক্ৰমণ ক্ৰমবৰ্ধমানভাৱে বৃদ্ধি পাবলৈ ধৰিছে দক্ষিণ আফ্ৰিকাত ৷

কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক পৰিসংখ্যা
কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক পৰিসংখ্যা

ইণ্টাৰনেশ্যনেল ডেস্ক, 10 আগষ্ট:শেহতীয়াকৈ সমগ্ৰ বিশ্বজুৰি মুঠ 2,00,16,302 গৰাকীতকৈয়ো অধিক লোকলৈ সংক্ৰমণ ঘটে কৰ'ণা ভাইৰাছ মহামাৰীৰ ৷ এই মহামাৰীৰ ফলত বিশ্বৰ 7,33,592 তকৈয়ো অধিক লোকে মৃত্যুক সাৱটি লৈছে ৷ অৱশ্যে 1,28,92,074 তকৈয়ো অধিক লোকে ইতিমধ্যে এই মহামাৰীৰ কবলৰ পৰা অব্যাহতি লাভ কৰিছে ৷

বিশ্বৰ ভিন্ন দেশত কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক পৰিসংখ্যা

আফ্ৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই উল্লেখ কৰা প্ৰতিবেদন অনুসৰি, দেশখনত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 5,00,000 ৰ সীমা ৷

দক্ষিণ আফ্ৰিকাত কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যা 10,000 গৰাকীলৈ বৃদ্ধি পাইছে ৷

জুনৰ অন্তত ব্ৰিটেইনত পোনপ্ৰথম বাৰৰ বাবে এদিনতে নতুনকৈ1,000 তকৈয়ো অধিক লোকৰ দেহত কৰ'ণা মহামাৰীৰ অৱস্থিতি পোৱা গৈছে ৷

লগতে পঢ়ক:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

ABOUT THE AUTHOR

...view details