নিউজ ডেস্ক, 30 জুলাই:কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে 1,71,70,446 তকৈয়ো অধিক লোকক আক্ৰান্ত কৰিছে ৷ ইয়াৰ বিপৰীতে 6,69,231 তকৈয়ো অধিক লোকে শেহতীয়াকৈ এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৷ উল্লেখ্য যে, এই পৰ্যন্ত বিশ্বজুৰি 1,06,75,734 তকৈয়ো অধিক লোকে আৰোগ্য লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷
ব্ৰাজিলত কৰ'ণা মহামাৰীৰ সংক্ৰমণে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ দেশখনত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 90,000 তকৈয়ো অধিক লোকলৈ ৷ ইয়াৰ লগে-লগে দেশখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় 2.5 মিলিয়নলৈ ৷ চিন্তনীয় বিষয় যে, দেশখনত এটা দিনতে একেলগে প্ৰায় 70,000 লোকৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰিছে ৷
বৃহস্পতিবাৰে চীনত নতুনকৈ 105 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ আক্ৰান্ত লোকসকলৰ অধিকাংশই জিনজিয়াঙৰ বুলি জানিব পৰা গৈছে ৷ উত্তৰ-পশ্চিমীয় সেই অঞ্চলটোত 96 গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰাৰ লগতে, দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলৰ লিয়াঅ'নিঙত 5 গৰাকী আৰু বেইজিঙত 1 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19 ৰ অৱস্থিতি ৷ বাকী থকা তিনি গৰাকী লোক চীনৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰী বুলি জানিব পৰা গৈছে ৷