নিউজ ডেস্ক , 27 জুলাইঃ সমগ্ৰ বিশ্বতে অব্যাহত আছে কৰ'ণা মহামাৰীৰ সন্ত্ৰাস ৷ বিশ্বজুৰি 1,64,12,794 লোক আক্ৰান্ত হোৱাৰ লগতে এই মহামাৰীত প্ৰাণ হেৰুৱাইছে 6,52,039 জন ৰোগীয়ে ৷ বৰ্তমানলৈকে সুস্থ হৈ উঠিছে 1,00,42,362 জন ব্যক্তি ৷
আন প্ৰায়সমূহ দেশৰ অনুৰূপভাৱে এই মহামাৰীয়ে জুৰুলা কৰি ৰাখিছে দক্ষিণ কোৰিয়াক ৷ শেহতীয়াকৈ কোভিড 19 ত আক্ৰান্ত হোৱা 25 জন লোক সহ দেশখনত বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা 14,175 গৰাকীলৈ বৃদ্ধি পাইছে ৷ দেশখনৰ ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ বিভাগৰ তথ্য অনুসৰি নতুনকৈ আক্ৰান্ত সকলৰ 16 জনেই আক্ৰান্ত হোৱাৰ পূৰ্বে বিদেশী নাগৰিকৰ সৈতে আৱদ্ধ হৈ আছিল ৷ উল্লেখ্য যে , দক্ষিণ কোৰিয়াই বিগত কিছু দিনত ৰাছিয়াৰ বুছান বন্দৰৰ পশ্চিম অংশত ৰাছিয়ান পতাকাবাহী মালবাহী জাহাজত কৰ্মৰত 12 জনতকৈও অধিক কোভিড 19ত আক্ৰান্তক চিনাক্ত কৰিছিল ৷ মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা ইৰাকৰ পৰা ওভতাই অনা বহু কেইজন শ্ৰমিকৰ দেহতো পোৱা গৈছিল ক’ৰণা ভাইৰাছৰ অৱস্থিতি ৷