অসম

assam

ETV Bharat / international

বিশ্বত 1,46,33,037 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা - tracker

বিশ্বত 1,46,33,037 গৰাকীতকৈও অধিক লোকলৈ সংক্ৰমিত হৈছে কৰ'ণা ভাইৰাছ ৷ আনহাতে মূখ্যভূমি চীনত দেওবাৰৰ দিনটোত 22 গৰাকী লোকৰ দেহত নতুনকৈ পোৱা গ'ল COVID-19 ৰ অৱস্থিতি ৷

বিশ্বত 1,46,33,037 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা
বিশ্বত 1,46,33,037 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

By

Published : Jul 20, 2020, 11:54 AM IST

নিউজ ডেস্ক, 20 জুলাই:কৰ'ণা ভাইৰাছ মহামাৰী সমগ্ৰ বিশ্বতে 1,46,33,037 তকৈয়ো অধিক লোকলৈ সংক্ৰমিত হৈছে ৷ লগতে এই মহমাৰীৰ ফলত বিশ্বজুৰি 6,08,539 তকৈয়ো অধিক লোকে মৃত্যুক সাৱটি লৈছে ৷ অৱশ্যে বৰ্তমানলৈ এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে 87,30,163 গৰাকীতকৈও অধিক লোকে ৷

বিশ্বত 1,46,33,037 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

সোমবাৰে চীনৰ স্বাস্থ্য প্ৰাধিকৰণে এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, দেওবাৰে চীনত 22 গৰাকী লোকৰ দেহত নতুনকৈ COVID-19 ৰ অৱস্থিতি পোৱা গৈছে ৷ তাৰ ভিৰতৰ 17 গৰাকী লোকেই চীনৰ স্থানীয় নাগৰিক ৷

সকলো সংক্ৰমিত স্থানীয় লোকৰ ভিতৰত অধিকাংশই উত্তৰ-পশ্চিম চীনৰ জিনজিয়াং উইগুৰ স্বায়ত্বশাসিত অঞ্চলৰ বুলি উল্লেখ কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ দৈনিক প্ৰতিবেদনত ৷

আয়োগে উল্লেখ কৰা অনুসৰি, দেওবাৰে দেশখনত এই ৰোগত আক্ৰান্ত কোনো লোকৰে মৃত্যু হোৱা নাই জানিব পৰা গৈছে ৷

লগতে পঢ়ক:অসমত কৰ‘ণা ভাইৰাছৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details