অসম

assam

By

Published : Apr 15, 2020, 11:49 AM IST

ETV Bharat / international

বিশ্বত কোভিড 19ত আক্ৰান্তৰ শেহতীয়া তথ্য

কৰ’ণা মহামাৰীৰ উৎপত্তিস্থল চীনটো বুধবাৰৰ দিনটোত 46টা নতুন কৰ’ণা ভাইৰাছৰ ঘটনা পোহৰলৈ আহিছে, ইয়াৰ ভিতৰত 36 টা বিদেশত ধৰা পৰিছে ৷ দেশখনৰ আভ্যন্তৰীণ 10 টা ঘটনাৰ 8টা ৰাছিয়াৰ সীমাত অৱস্থিত হেইলঙজিয়াং প্ৰদেশৰ ৷

Global COVID 19 tracker
বিশ্বত কোভিড 19ত আক্ৰান্তৰ শেহতীয়া তথ্য

ইন্টাৰনেশ্যনেল ডেক্স,15 এপ্ৰিলঃ বিশ্বজুৰি কৰ’ণা মহামাৰীত 19,99,019 গৰাকীৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে নিহত হৈছে 1,26,708 গৰাকী লোক ৷ ইতিমধ্যে 4,78,932 গৰাকী লোকে ৰোগবিধৰ পৰা আৰোগ্য লাভ কৰিছে ৷ আনহাতে, কৰ’ণা মহামাৰীৰ উৎপত্তিস্থল চীনতো বুধবাৰৰ দিনটোত 46টা নতুন কৰ’ণা ভাইৰাছৰ ঘটনা পোহৰলৈ আহিছে, ইয়াৰ ভিতৰত 36 টা বিদেশত ধৰা পৰিছে ৷ দেশখনৰ আভ্যন্তৰীণ 10 টা ঘটনাৰ 8 টা ৰাছিয়াৰ সীমাত অৱস্থিত হেইলঙজিয়াং প্ৰদেশৰ ৷ চীনৰ সমান্তৰালকৈ জাপানতো কৰ’ণা ভাইৰাছৰ 457 টা নতুন ঘটনা পোহৰলৈ আহিছে আৰু ইয়াৰ লগতে দেশখনত মঙলবাৰলৈ কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা 8,100 লৈ বৃদ্ধি হয় ৷

বিশ্বত কোভিড 19ত আক্ৰান্তৰ শেহতীয়া তালিকা

উত্তৰ কোৰিয়াতো কৰ’ণাত আক্ৰান্ত হৈছে 27 জনকৈ লোক ৷ দেশখনৰ অধিক ক্ষতিগ্ৰস্ত চহৰ ডেগুৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত সংক্ৰমণৰ সংখ্যা হ্ৰাস পোৱাৰ লগে লগেই 14 নম্বৰ দিনটোত আক্ৰান্তৰ সংখ্যা 100ৰ তললৈ অৱনমিত হৈছে ৷ মৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰ’ণা ভাইৰাছৰ হটস্পট সমূহত ৰোগীসমূহৰ বাবে 60,000 টাকৈ ভেন্টিলেটৰ স্থাপনৰ বাবে নতুন ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰ ঘোষণা কৰে ৷

লগতে পঢ়ক-ধুবুৰীত পুনৰ কোভিড-১৯ত আক্ৰান্ত এগৰাকী মহিলা

ABOUT THE AUTHOR

...view details