অসম

assam

ETV Bharat / international

বিশ্বজুৰি কৰ‘ণা ভাইৰাছৰ সংহাৰী ৰূপঃ গভীৰ প্ৰভাৱ পৰিব বিশ্বৰ অৰ্থনীতিত - Iran Health Ministry

মাৰাত্মক কৰ‘ণা ভাইৰাছে পৃথিৱীৰ প্ৰায়ৱোৰ ঠাইতে বিয়পি পৰিছে ৷ সম্প্ৰতি পৃথিৱীৰ কোনো এটা প্ৰান্তই সুৰক্ষিত নহয় ৷ যদিহে এই ভাইৰাছ নিজে নিজে ধ্বংস হৈ নাযায়, তেনেহলে বিশ্বৰ বিভিন্ন দেশত হোৱা লক ডাউনৰ ফলত বিশ্বৰ অৰ্থনৈতিৰ মেৰুদণ্ড ডালো ভাঙি পৰাৰ আশংকা কৰা হৈছে ৷

The global pandemic has infected more than 6,60,000 lives and over 30,000 people died.
বিশ্বজুৰি কৰ‘ণা ভাইৰাছৰ সংহাৰী ৰূপঃ গভীৰ প্ৰভাৱ পৰিব বিশ্বৰ অৰ্থনীতিত

By

Published : Mar 29, 2020, 12:57 PM IST

নিউজ ডেস্ক, 29 মাৰ্চ: বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ‘ণা ভাইৰাছে বৰ্তমানসময়লৈকে সমগ্ৰ বিশ্বত 6,60,000 জন লোকলৈ সংক্ৰমিত হোৱাৰ লগতে 30 হাজাৰতকৈও অধিক লোকৰ প্ৰাণ কাঢ়ি লৈছে ৷ এই মাৰাত্মক ভাইৰাছে পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে বিয়পি পৰিছে, সম্প্ৰতি পৃথিৱীৰ কোনো এটা প্ৰান্তই সুৰক্ষিত নহয় ৷ যদিহে এই ভাইৰাছ নিজে নিজে ধ্বংস হৈ নাযায়, তেনেহলে বিশ্বৰ বিভিন্ন দেশত হোৱা লক ডাউনৰ ফলত বিশ্বৰ অৰ্থনৈতিৰ মেৰুদণ্ড ডালো ভাঙি পৰাৰ আশংকা কৰা হৈছে ৷

ডাক্তৰ অথবা অন্য চিকিৎসাকৰ্মীয়ে এই ভাইৰাছৰ প্ৰভাৱক ওচৰৰ পৰা প্ৰত্যক্ষ কৰি আছে আৰু সবাতোকৈ বেছি ৰিস্ক লৈ কাম কৰি গৈছে ৷ এই ভাইৰাছৰ শৃংখলা ইটালীৰ পৰা আৰম্ভ হয়, যৰ পৰা এই ভাইৰাছৰ সংক্ৰমণৰ শৃংখলাই দ্ৰুত গতিত বৃদ্ধি পাব ধৰে ৷ অন্যহাতে ইৰান এই ক্ষেত্ৰত অন্যতম সৰ্বাধিক প্ৰভাৱিত দেশ ৷ ইৰাণত ভুল চিকিৎসাৰ বাবেও শতাধিক লোকে প্ৰাণ হেৰুৱাইছে ৷

বিশ্বজুৰি কৰ‘ণা ভাইৰাছৰ সংহাৰী ৰূপঃ গভীৰ প্ৰভাৱ পৰিব বিশ্বৰ অৰ্থনীতিত

আনহাতে নিউয়ৰ্ক চহৰ যোৱা সপ্তাহৰ পৰা এই মাৰাত্মক ভাইৰাছৰ অন্যতম উপকেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে ৷ চিকিৎসালয় সমূহৰ জৰুৰীকালীন কোঠালি সমূহত কাঁহৰ কোলাহল বৃদ্ধিৰ ফলত তাত থকা চিকিৎসাকৰ্মী সকলে নিজে পৰৱৰ্তী চিকাৰ হোৱাৰ আশংকাত আতংকিত হৈ পৰিছে ৷

নতুনকৈ কৰ‘ণা ভাইৰাছত আক্ৰান্ত সকলৰ অধিকাংশৰ ক্ষেত্ৰত সামান্য অথবা মধ্যম পৰ্যায়ৰ লক্ষণ দেখা যায় ৷ কিন্তু কিছু বয়স্ক লোকৰ ক্ষেত্ৰত এই অসুস্থতাই কিছু জটিল ৰূপ ধাৰণ কৰিলে মৃত্যুৰ কাৰণো হ‘ব পাৰে ৷

ABOUT THE AUTHOR

...view details