নিউজ ডেক্স,27 মাৰ্চঃকৰ’ণা ভাইৰাছৰ সন্দৰ্ভত প্ৰকাশ পোৱা শেহতীয়া আপডেতত এই কথা স্পষ্টভাবে ওলাই পৰিছে যে, সমগ্ৰ বিশ্বতে এই মহামাৰী ভাইৰাছত প্ৰায় 5,00,000 লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 28,000 লোকৰ ৷
বিজনেছ মেনেজাৰসকলৰ সমীক্ষাত প্ৰকাশ পাইছে যে, 2009 চনৰ পিছত ইউৰোপৰ সংস্থাসমূহে দ্ৰুত গতিত শ্ৰমিককসকলক অব্যাহতি প্ৰদান কৰিছে ৷ আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰত বিগত সপ্তাহত নিবনুৱাসকলৰ লাভৰ বাবে আবেদন কৰা আমেৰিকানৰ সংখ্যা 1982 চনত প্ৰকাশিত সংখ্যাৰ তুলনাত পাঁচগুণ বৃদ্ধি পায় ৷