নিউজ ডেস্ক, 3 জুলাইঃ আজি 3 জুলাই, আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ মুক্ত দিৱস ৷ আমাৰ চৌপাশ প্লাষ্টিক মুক্ত কৰাৰ উদ্দেশ্যে 2017 চনৰ 3 জুলাইত প্লাষ্টিক বেগ বৰ্জনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাতত লোৱা হয় ৷ "প্লাষ্টিক বিহীন এখন পৃথিৱীও সম্ভৱ আৰু প্লাষ্টিক বেগৰ বিকল্প আন বেগৰ জৰিয়তেও পূৰণ কৰিব পাৰি"এই দিনটোৰ জৰিয়তেই সমগ্ৰ বিশ্বতেই এই বাৰ্তা প্ৰচাৰৰ চেষ্টা কৰা হয় ৷ আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ মুক্ত দিনৰ জৰিয়তে সমগ্ৰ বিশ্বত প্লাষ্টিক ব্যৱহাৰৰ ফলত হ'বলগীয়া বিভিন্ন অনিষ্টক লৈ সচেতনতাৰ এক প্ৰয়াস চলোৱা হয়৷
উল্লেখ্য যে, প্ৰতি মিনিটত সমগ্ৰ বিশ্বত দহৰ পৰা বিশ লাখ প্লাষ্টিক বেগ ব্যৱহাৰ হয় আৰু ই সমগ্ৰ বিশ্বক প্ৰদূষিত কৰে৷ তথ্যমতে, 130 লাখ টন প্লাষ্টিক প্ৰতি বছৰে সমূদ্ৰ তলিক প্ৰদূষিত কৰে ৷ কিছুমান প্লাষ্টিকে ৰাষায়নিক বিক্ৰিয়া ঘটাই জীৱকূলৰ স্বাস্থ্যৰ প্ৰতি ভয়াৱহতা কঢ়িয়াইছে ৷ আটাইতকৈ ভয়ানক কথা হৈছে জীৱকূলে এই পেলনীয়া পল্াষ্টিক ভক্ষণ কৰাৰ ফলত পাৰিপাৰ্শ্বিক পৰিৱেশৰ ভাৰসাম্যতাৰ প্ৰতি ভাবুকি কঢ়িয়াইছে ৷ প্ৰায় 100 মিলিয়ন সামুদ্ৰিক জীৱ জন্তু প্লাষ্টিক ভক্ষণৰ ফলত প্ৰতি বছৰে নিহত হয় ৷
প্লাষ্টিক বেগে ভূ-পৃষ্ঠৰ এক বৃহৎ ক্ষতি সাধন কৰি আহিছে ৷ ব্যৱহাৰ কৰা প্লাষ্টিক বেগ সমূহ পেলাই দিয়াৰ পিচত এক আৱৰ্জনাৰ সৃষ্টি কৰি প্ৰায়েই নদীপৃষ্ঠত জমা হয় আৰু নদীপৃষ্ঠ বাম কৰি পেলায় ৷ ইয়াৰ ফলশ্ৰুতিত বৰষুণৰ ফলত অতি সহজেই বানপানীৰ সৃষ্টি হয়৷ ব্যৱহাৰ কৰা প্লাষ্টিক বেগসমূহ য'তে ত'তে পেলোৱাৰ ফলত তাত পানী জমা হয় আৰু সেই পানীত বিভিন্ন পোক পতংগ জমা হৈ তথা ম'হ জমা হৈ বেমাৰৰ বিজাণু সৃষ্টি কৰে ৷