অসম

assam

ETV Bharat / international

মধ্য এছিয়াত উদ্বিগ্নতা বৃদ্ধি : প্ৰভাৱ পৰিছে ইন্ধনৰ মূল্যত - পেট্ৰলত 10-11 পইছা বৃদ্ধি

বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য ৷ আটাইবোৰ বৃহৎ চহৰতে পেট্ৰলত 10-11 পইছা আৰু ডিজেলত 15-16 পইছা বৃদ্ধি পাইছে ৷

মধ্য এছিয়াত উদ্বিগ্নতা বৃদ্ধি
বৃদ্ধি পালে পেট্ৰল, ডিজেলৰ মূল্য

By

Published : Jan 4, 2020, 2:35 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 4 জানুৱাৰী : আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকৰ ফলত ইৰানীয়ান জেনেৰেল কাছেম ছোলেইমানিৰ মৃত্যু হোৱাৰ ফলত মধ্য এছিয়াত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ সময়তে বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য ৷ শনিবাৰে আটাইবোৰ বৃহৎ চহৰতে পেট্ৰলত 10-11 পইছা আৰু ডিজেলত 15-16 পইছা বৃদ্ধি পাইছে ৷

ইণ্ডিয়ান অইলৰ ৱেবছাইটৰ তথ্য অনুসৰি, দিল্লীত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 75.45 টকা, মুম্বাইত 81.04 টকা, কলিকতাত 78.04 টকা আৰু চেন্নাইত 78.39 টকা হৈছেগৈ ৷

আনহাতে, দিল্লীত ডিজেলৰ মূল্য প্ৰতি লিটাৰত 68.90 টকা, মুম্বাইত 71.72 টকা, কলিকতাত 70.76 টকা আৰু চেন্নাইত 72.28 টকা হৈছে ৷

পেট্ৰল আৰু ডিজেলৰ খুচুৰা মূল্য আন্তঃৰাষ্ট্ৰীয় অশোধিত তেলৰ মূল্য তথা টকা আৰু আমেৰিকান ডলাৰৰ বিনিময় মূল্যৰ ওপৰত নিৰ্ভৰ কৰে ৷

ঘৰুৱা পেট্ৰল আৰু ডিজেলৰ মূল্য তেল মাৰ্কেটিং কোম্পানীবোৰে প্ৰতিদিনে নিৰীক্ষণ কৰে ৷ ইন্ধনৰ ষ্টেছন সমূহত পুৱা 6 বজাৰ পৰা সংশোধিত মূল্য কাৰ্যকৰী কৰা হয় ৷

আৰু পঢ়ক : শ্ৰীকাকুলামত পথ দুৰ্ঘটনা : নিহত 5

ABOUT THE AUTHOR

...view details