ইন্টাৰনেশ্যনেল ডেস্ক, 22 অক্টোবৰ :চীনত পুনৰ নতুনকৈ ধৰা পৰিছে ক’ভিড 19ত আক্ৰান্ত ৰোগী ৷ এই তথ্য পোহৰলৈ অহাৰ পিছতেই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে দেশখনে ৷ ইতিমধ্যে 100 খনকৈ অধিক বিমান বাতিল কৰাৰ লগতে শিক্ষানুষ্ঠানসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ দেশখনে SARS-CoV-2 ভাইৰাছৰ পৰীক্ষা বৃদ্ধি কৰিছে ৷
বিশ্বৰ বিভিন্ন দেশত ক’ভিড নীতি-নিৰ্দেশনাসমূহ কিছু শিথিল কৰি দিয়াৰ সময়তেই চীনত পুনৰ ক’ভিড ভাইৰাছৰ সংক্ৰমণে দেখশনক লকডাউন ঘোষণা কৰাৰ লগতে চুবুৰীয়া দেশসমূহৰ সৈতে ইয়াৰ সীমা বন্ধ কৰি দিবলৈ বাধ্য কৰাইছে ৷ ক্ৰছ প্ৰভিঞ্চিয়েল ট্যুৰিঙত পৰ্যটকৰ এটি দলৰ ভিতৰত সাতগৰাকী বয়োজ্যেষ্ঠ লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে পুনৰ সতৰ্ক হৈ পৰিছে চীন ৷
জানিব পৰা অনুসৰি, পৰ্যটকৰ দলটোৱে ঝি-আন, গানছু আৰু মংগোলিয়ালৈ উৰা মৰাৰ পূৰ্বে চাংঘাই ভ্ৰমণ কৰিছিল ৷ পৰৱৰ্তী সময়ত, বেইজিংকে ধৰি কমেও পাঁচখন প্ৰদেশত প্ৰায় 1 ডজন ক’ভিডৰ ঘটনা পোহৰলৈ আহিছে যি তেওঁলোকৰ ভ্ৰমণৰ সৈতে সম্পৰ্কিত । চীনৰ উত্তৰ আৰু উত্তৰ-পশ্চিম অঞ্চলত ধাৰাবাহিকভাৱে পঞ্চমটো দিনটো ক’ভিডত আক্ৰান্ত লোকৰ তথ্য পোহৰলৈ আহিছে ৷