ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ জুন :ভাৰত মহাসাগৰত পুনৰ জ্বলিল এখন জাহাজ । এইবাৰ ছিংগাপুৰ অভিমুখে ৰাওনা হোৱা এখন কণ্টেইনাৰ ভৰ্তি জাহাজত জুইৰ সূত্ৰপাত । শ্ৰীলংকাৰ নৌসেনাই শুকুৰবাৰে জনোৱা মতে ছিংগাপুৰ অভিমুখী কণ্টেইনাৰ ভৰ্তি জাহাজখনত অগ্নিকাণ্ড সংঘটিত হয় ।
নৌসেনাৰ মুখপাত্ৰ ইন্দিকা ডি চিলভাই জনোৱা মতে কলম্বোস্থিত সামুদ্ৰিক উদ্ধাৰ সমন্বয় কেন্দ্ৰৰ ( Maritime Rescue Coordinating Center) পৰা লিবিৰিয়ান পতাকাযুক্ত জাহাজখনত জুই লগাৰ বিষয়ে এটা বাৰ্তা লাভ কৰিছিল নৌসেনাই । ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে আৰু তেওঁ উল্লেখ কৰা মতে যে কোনো লোকৰ হতাহত হোৱাৰ খবৰ বা ক্ষতিৰ বিষয়ে কোনো তথ্য এতিয়ালৈ অহা নাই । চিলভাই উল্লেখ কৰা মতে জাহাজখনে মঙলবাৰে শ্ৰীলংকাৰ কলম্বো বন্দৰৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু দেশখনৰ দক্ষিণ উপকূলৰ পৰা প্ৰায় ৪৮০ নটিকেল মাইল (৮৯০ কিলোমিটাৰ) দূৰত্ব অতিক্ৰম কৰিছিল ।
উল্লেখ যে প্ৰায় এমাহ পূৰ্বে কলম্বোৰ ওচৰত এখন ৰাসায়নিক পদাৰ্থ কঢ়িওৱা জাহাজত অগ্নিকাণ্ড সংঘটিত হৈছিল । শ্ৰীলংকাৰ নৌসেনা (Sri Lanka’s navy), বায়ু সেনা(Airforce) আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে (Indian Coast Guard) জুই নিৰ্বাপনৰ বাবে চেষ্টা চলাইছিল আৰু প্ৰায় এসপ্তাহ পূৰ্বে জাহাজখন সাগৰত ডুবি গৈছিল । ছিংগাপুৰৰ পতাকাযুক্ত এক্স-প্ৰেছ পাৰ্ল (X-Press Pearl) জাহাজখন ১২ দিন ধৰি জ্বলি থকাৰ অন্তত প্ৰায় ২১ মিটাৰ গভীৰতাত ডুবি গৈছে । এই ঘটনাৰ পিছতে সাগৰৰ বহু প্ৰাণীৰ মৃতদেহ উদ্ধাৰ হৈছে ।
সাগৰীয় কাছ, ডলফিন আদিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে এতিয়া শংকিত হৈ পৰিছে শ্ৰীলংকা চৰকাৰ । জাহাজখনত থকা ৰাসায়নিক পদাৰ্থ জ্বলি যোৱাৰ বাবেই সামূদ্ৰিক জীৱসমূহলৈ ভাবুকি অহাৰ বিষয়টো দেশখনত চৰ্চা হৈছে । আনকি দেশখনৰ কেইবাগৰাকী মন্ত্ৰীয়েও প্ৰকৃতিৰ ওপৰত অহা এই ভাবুকিকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । এনে সময়তে ভাৰত মহাসাগৰত আন এখন জাহাজ জ্বলি যোৱা ঘটনাই সমগ্ৰ দেশখনৰ নাগৰিককে চিন্তিত কৰি তুলিছে ।
লগতে পঢ়ক:আফগান বায়ু সেনাৰ এয়াৰ ষ্ট্ৰাইক, নিহত ১৪ তালিবানী সন্ত্ৰাসবাদী