ইন্টাৰনেশ্যনেল ডেস্ক, 14 জুন : চীনত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ সম্পৰ্কত সকলোকে সজাগ কৰি দিয়া মৃত চিকিৎসক লি ৱেনলিয়াঙৰ বিধৱা পত্নীয়ে এটি পুত্ৰ সন্তান জন্ম দিছে ৷ BBC য়ে প্ৰদান কৰা এক ৰিপোৰ্ট অনুসৰি, ফু ছুৱেজিয়ে WeChat এপৰ জৰিয়তে নৱজাত শিশুটিৰ এখন ফ'টো প্ৰকাশ কৰিছে ৷ লগতে ছুৱেজিয়ে কয় যে, মৃত চিকিৎসক গৰাকীৰ পৰা এয়া তেওঁলৈ অন্তিম উপহাৰ ৷
উল্লেখ্য যে, প্ৰশাসনে ৱেনলিয়াঙক উৰা বাতৰি বিয়পোৱাৰ অভিযোগত আটক কৰিছিল আৰু পাছত ৱেনলিয়াঙৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈয়ে মৃত্যু হৈছিল ৷
তেওঁৰ মৃত্যুৰ পাচতে এই সম্পৰ্কত জনসাধাৰণে বিৰোধিতা কৰাত চৰকাৰে তেওঁক মুকলি কৰি দিয়াৰ লগতে নায়ক হিচাপে সন্মান প্ৰদান কৰিছিল ৷ বৰ্তমান বিধবা ছুৱেজি ৱেনলিয়াঙৰ দুই সন্তানৰ মাতৃ ৷
ছুৱেজিয়ে লিখে, "স্বামী, আপুনি স্বৰ্গৰ পৰা আমাক চাই আছেনে ? আপুনি আজি মোক অন্তিমটো উপহাৰ প্ৰদান কৰিলে ৷ মই দুয়োটি শিশুকে বহুত মৰম কৰিম আৰু সুৰক্ষা প্ৰদান কৰিম ৷"