অসম

assam

ETV Bharat / international

ফেচবুকে অস্থায়ীভাৱে আঁতৰাইছে আফগান ব্যৱহাৰকাৰীৰ বন্ধুৰ তালিকা চোৱাৰ সুবিধা - Taliban

এতিয়াৰ পৰা ফেচবুকত উপলব্ধ নহ’ব আফগান ব্যৱহাৰকাৰীসকলৰ বন্ধুৰ তালিকা চোৱাৰ সুবিধা ৷ তালিবানৰ পৰা সম্ভাৱ্য প্ৰতিশোধৰ পৰা ব্যৱহাৰকাৰী সকলক সুৰক্ষিত কৰাৰ বাবে ফেচবুকে লৈছে এই বিশেষ পদক্ষেপ ৷

facebook-has-temporarily-removed-the-ability-to-view-the-list-of-friends-for-accounts-from-afghanistan-etv-bharat-assam
ফেচবুকে অস্থায়ীভাৱে আঁতৰাই দিছে আফগানিস্তানৰ একাউণ্টৰ বন্ধুৰ তালিকা চোৱাৰ সুবিধা

By

Published : Aug 20, 2021, 12:52 PM IST

Updated : Aug 20, 2021, 2:09 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ আগষ্ট : আফগান ব্যৱহাৰকাৰীসকলক তালিবানৰ সম্ভাৱ্য প্ৰতিশোধৰ পৰা সুৰক্ষিত কৰাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ফেচবুকে আফগান ব্যৱহাৰকাৰীসকলৰ একাউণ্টৰ পৰা বন্ধুৰ তালিকা চোৱাৰ বৈশিষ্টটো সাময়িকভাৱে আঁতৰাই দিছে ফেচবুক কৰ্তৃপক্ষই । ফেচবুকৰ হৈ এই কথা জানিবলৈ দিছে ছ’চিয়েল মিডিয়া চাইটটোৰ নিৰাপত্তা নীতিৰ মুৰব্বী নাথানিয়েল গ্লিচাৰে ৷

তেওঁ লগতে কয়, এসপ্তাহৰ কঠোৰ পৰিশ্ৰমৰ পিছত ফেচবুকে আফগানিস্তানৰ লোকসকলৰ বাবে বৈশিষ্ট বিকশিত কৰিছে ৷ ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰী সকলে তেওঁলোকৰ একাউণ্ট লক কৰিব পাৰিব । বৃহস্পতিবাৰে গ্লিচাৰে এক টুইটযোগে কয়, "আমি আফগানিস্তানত ফেচবুক একাউণ্টৰ বাবে 'Friends' তালিকা চাবলৈ আৰু অনুসন্ধান কৰাৰ সামৰ্থও অস্থায়ীভাৱে আঁতৰাই দিছিলো যাতে লোকসকলক তালিবানৰ লক্ষ্যৰ পৰা সুৰক্ষিত কৰাত সহায় হয়।"

তেওঁ আপগানিস্তানৰ ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ বন্ধুসকলকো তালিবানৰ পৰা সুৰক্ষিত কৰাৰ বাবে কঠোৰ দৃষ্টি ৰাখিবলৈ আহ্বান জনায় ।

তালিবানে 15 আগষ্টত কাবুলত প্ৰৱেশ কৰে যাৰ ফলত মাহজোৰা যুদ্ধৰ সমাপ্তি ঘটে আৰু লগে লগেই আফগান চৰকাৰৰ পতন ঘটে । ইয়াৰ পূৰ্বে এক বিবৃতিত ফেচবুকে কৈছিল যে, তেওঁলোকে তালিবানৰ সৈতে জড়িত পোষ্ট আৰু একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কিয়নো ছ'চিয়েল মিডিয়া জায়াণ্টে সংগঠনটোক আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইনৰ অধীনত এটা সন্ত্ৰাসবাদী সংগঠন হিচাপে চিনাক্ত কৰিছে ৷

"তালিবানক আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইনৰ অধীনত এটা সন্ত্ৰাসবাদী সংগঠন হিচাপে অনুমোদন জনোৱা হৈছে আৰু আমি আমাৰ বিপদজনক সংগঠনৰ নীতিৰ অধীনত তেওঁলোকক আমাৰ সেৱাৰ পৰা নিষিদ্ধ কৰিছো। ইয়াৰ অৰ্থ হৈছে আমি তালিবানৰ দ্বাৰা বা হৈ ৰক্ষণাবেক্ষণ কৰা একাউণ্টবোৰ আঁতৰ কৰোঁ আৰু সেইবোৰৰ প্ৰশংসা, সমৰ্থন আৰু প্ৰতিনিধিত্ব নিষিদ্ধ কৰো" ছ'চিয়েল মিডিয়া জায়াণ্টৰ মুখপাত্ৰই এনেদৰে প্ৰকাশ কৰে ৷

উল্লেখ্য যে, সুদীৰ্ঘ ২০ বছৰৰ অন্তত পুনৰ আফগানিস্তানত আধিপত্য বিস্তাৰ কৰিলে তালিবানে । দেওবাৰে নিশা দেশখনৰ ৰাজধানী কাবুল দখল কৰাৰ পাছত সকলো আৰক্ষী তালাচী চকীত এতিয়া কেৱল তালিবানী সন্ত্ৰাসবাদীক দেখা পোৱা গৈছে । সকলো সামৰিক আৰু চৰকাৰী প্ৰতিষ্ঠান জব্দ কৰিছে তালিবানে । চহৰখনত অনবৰতে টহল দি আছে তালিবানী সন্ত্ৰাসবাদীয়ে ৷

দেওবাৰে আফগানিস্তান চৰকাৰৰ পতনৰ পাছতেই ৰাজধানী কাবুলত প্ৰৱেশ কৰিছিল তালিবানে । তালিবানী সন্ত্ৰাসবাদীয়ে ৰাজধানী চহৰৰ দিশে আগবাঢ়ি অহাৰ সময়তে ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে আফগানিস্তান ত্যাগ কৰে । ইয়াৰ পাছতেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ হাজাৰ হাজাৰ আফগান নাগৰিকে প্ৰাণৰ মমতাত দেশ এৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছে ।

লগতে পঢ়ক:আফগানিস্তানত আৱদ্ধ পৰিয়ালক লৈ চিন্তিত ক্ৰিকেটাৰ ৰাছিদ খান

Last Updated : Aug 20, 2021, 2:09 PM IST

ABOUT THE AUTHOR

...view details