অসম

assam

ETV Bharat / international

কোৰোনাভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে চীনত

মধ্য চীনৰ হুৱেই প্ৰান্তৰ এখন চহৰ বুহানত যোৱা মাহত এই ভাইৰাছজনিত এটা ঘটনা পোহৰলৈ আহিছিল ৷ এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হোৱা 440 টা ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰে 9টা মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে ৷

Explained: All you wanted know about deadly coronavirus
কোৰোনাভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে চীনত

By

Published : Jan 22, 2020, 6:43 PM IST

নেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃচীনত উৎপন্ন হোৱা এক নতুন ভাইৰাছে উশাহজনিত ৰোগৰ প্ৰকোপ বৃদ্ধি কৰিছে ৷ এই সম্পৰ্কে স্বাস্থ্য বিভাগে সুক্ষ্মভাৱে বিশ্লেষণ কৰি আছে ৷ চৰকাৰে মধ্য চীনৰ পৰা অহা বিমানযাত্ৰীসমূহক ভালদৰে স্বাস্থ্য পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে যাৰ দ্বাৰা এই ভাইৰাছক নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা চলাই থকা হৈছে ৷

কোৰোনাভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে চীনত

এই ভাইৰাছৰ পৰা হোৱা ৰোগ সম্পৰ্কত কিছু কথাঃ

প্ৰকৃততে এই নতুন ভাইৰাছটো কি ?

বৈজ্ঞানীকসকলে ইয়াৰ চিনাক্ত কৰিছে নতুন কোৰোনাভাইৰাছ হিচাপে কৰিছে ৷ এই নামটো তাজ শব্দৰ পৰা আহিছে যি কাৰোনভাইৰাছ এটা মাইক্ৰ’স্ক’পৰ তলত পোৱা যায় ৷ এই ভাইৰাছে পৰিয়ালৰ বিভিন্ন প্ৰকাৰৰ মানুহক প্ৰভাৱিত কৰে ৷ ইয়াৰ উৎপত্তি বিভিন্নভাৱে হ’ব পাৰে ৷ কিছুমানৰ সামন্য ঠাণ্ডাৰ ফলতো হ’ব পাৰে আনহাতে কিছুমান জীৱ-জন্তুৰ পৰাও ই বিয়পাৰ সম্ভাৱনা থাকে ৷

এই ভাইৰাছ ক’ৰ পৰা আহিছে?

মধ্য চীনৰ হুৱেই প্ৰান্তৰ এখন চহৰ বুহানত যোৱা মাহত এই ভাইৰাছজনিত এটা ঘটনা পোহৰলৈ আহিছিল ৷ ইয়াৰ সংক্ৰমণ প্ৰভাৱিত বেছিভাগ লোকে বুহানৰ হুৱানান চি ফুডৰ হোলছেল মাৰ্কেটত কৰ্মৰত আছিল ৷ যি বৰ্তমান এই ঘটনাৰ পিচত মাৰ্কেটখন বন্ধ কৰি দিয়া হয় ৷ চীনৰ স্বাস্থ্য বিভাগে উল্লেখ কৰে যে, এই ৰোগ বা ভাইৰাছ জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হৈছে ৷

কোৰোনাভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে চীনত

এই ভাইৰাছ কিমান ব্যাপক?

এতিয়ালৈকে এই ভাইৰাছৰ ফলত 440 টা ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰে 9টা মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে ৷ মৃত্যু হোৱা সকলো ঘটনা হুৱেই অঞ্চলতেই সংঘটিত হৈছে ৷ আনহাতে থাইলেণ্ড, দক্ষিণ কোৰিয়া, জাপান, আমেৰিকা তথা টাইৱানতো ইয়াৰ প্ৰভাৱ দেখা গৈছে ৷ ইয়াৰ সৰ্বাধিক প্ৰকোপ কিন্তু চীনতে দেখা গৈছে ৷ নৱবৰ্ষৰ সময়ত অধিকসংখ্যক লোকে দেশ-বিদেশ ভ্ৰমণ কৰা সচাৰচৰ দেখা যায় ৷ ইয়াৰ ফলতেই এই ভাইৰাছ অন্যান্য দেশত সংক্ৰমণ হোৱাৰ কাৰণৰূপে পৰিগণিত হৈছে ৷

এই ভাইৰাছৰ লক্ষণ?

ইয়াৰ সাধাৰণ লক্ষণৰ ভিতৰত পানীলগা, মূৰৰ বিষ আৰু কাহ তথা জ্বৰ হ’ব পাৰে ৷ ইউ.এছ চেন্টাৰ অফ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেন্সনৰ অনুসৰি ঘন উশাহ, ঠাণ্ডা লগা তথা শৰীৰৰ বিষ প্ৰধানত এই ভাইৰাছ দেখা দিয়াৰ লক্ষণ ৷ ইয়াৰোপৰি এই ভাইৰাছে নিমুনিয়াৰ কাৰক হোৱাৰো সম্ভাৱনা ব্যক্ত কৰে ৷

কোৰোনাভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে চীনত

ইয়াৰ চিকিৎসা কেনেদৰে কৰিব পাৰি?

এই ভাইৰাছৰ চিনাক্ত কৰাৰ বাবে এটা পৰীক্ষা কৰা হয় ৷ কিন্তু এতিয়ালৈ ইয়াৰ সংক্ৰমণ কমোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ টীকা নাই ৷ এই সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ৰোগীক সম্পূৰ্ণ সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে ৷ জ্বৰ অথবা পানীলগাৰ বাবে ঔষধ প্ৰদান কৰা হয় আৰু খাদ্যৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় ৷

ই কেনদৰে সংক্ৰমিত হৈ আছে?

এই ভাইৰাছ আসক্ত যিকনো লোকৰ কাহ অথবা হাঁচিওৱাৰ পিচত ব্যক্তিগৰাকীক চুলে তাৰ পৰা সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে ৷ বৈজ্ঞানীকৰ মতে শ্ৰৱণ পথৰ মাধ্যমেৰে ইয়াৰ সংক্ৰমণ অধিকভাৱে হয় ৷

কোৰোনাভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে চীনত

ই চাৰ্চৰ দৰে ভয়াৱহ নেকি?

এতিয়ালৈকে এই ভায়ৰাছ এছএআৰএছৰ তুলনাত কম ভয়াৱহতা দেখা গৈছে ৷ 2002-03 চনত এছএআৰএছৰ সংক্ৰমণত প্ৰায় 800 গৰাকী লোকৰ মৃত্যু হৈছিল ৷ কিন্তু এই ভাইৰাছ যিহেতু নতুনকৈ পোহৰলৈ আহিছে গতিকে ইয়াৰ ভয়াৱহতাৰ বিষয়ে এতিয়াই মন্তব্য প্ৰদান কৰা অমূলক হ’ব ৷ সময়ত ইয়াৰ ভয়াৱহতাৰ বিষয় অধিক বিতংভাৱে গম পোৱা যাব ৷

আৰু পঢ়কঃ-প্ৰদূষণ ৰোধৰ বাবে অন্ধপ্ৰদেশৰ ছাত্ৰৰ বিশেষ প্ৰচেষ্টা

ABOUT THE AUTHOR

...view details