নিউজ ডেস্ক,19 নৱেম্বৰ:সাধাৰণতে গাঁও বুলিলে মনলৈ আহে খলা-বমা পথ, মাটি-বাৰী নাইবা বিস্তৃত কৃষি ভূমিৰ কথা ৷ সকলোতকৈ তাৎপৰ্যপূৰ্ণ বিষয় গাঁও বুলিলে দৰিদ্ৰতাই ছানি ধৰা অঞ্চলৰ এখন ছবি আমাৰ মনত পৰিস্ফুট হয় ৷ কিন্তু এই গাঁৱৰ জীৱন ধাৰণৰ প্ৰণালী, সুযোগ সুবিধা দেখিলে আপুনি আচৰিত হ’ব ৷ এয়া হৈছে কোটিপতি লোকৰ গাঁও ৷
এয়া হৈছে চীনৰ জিয়াংজু প্ৰদেশৰ কাহিনী এয়া ৷ প্ৰদেশখনৰ হুয়াক্সি গাঁও বিশ্বৰ ধনী গাঁও হিচাপে পৰিচিত হৈছে ৷ যাৰ উপ নাম হৈছে চুপাৰ ভিলেজ ৷ 1967 চনত এই গাঁও স্থাপন কৰা হৈছিল ৷ এই গাঁৱক সুকীয়া পৰিচয় গঢ়াৰ ক্ষেত্ৰত একপ্ৰকাৰ বিপ্লৱৰ সূচনা কৰে চীনৰ কমিউনিষ্ট পাৰ্টীৰ প্ৰাক্তন নেতা উ ৰেনবাওয়াৰে ৷ চীনা মুদ্ৰাৰ হিচাপত প্ৰায় 10 লাখ ইউনান অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় 1 কোটি 20 লাখ টকা গাঁৱখনৰ প্ৰতিগৰাকী ব্যক্তিৰ বেংক একাউণ্টত জমা আছে ৷