অসম

assam

ETV Bharat / international

ম্যানমাৰত এবছৰৰ জৰুৰীকালীন অৱস্থা ঘোষণা সামৰিক বাহিনীৰ

ম্যানমাৰত সেনাৰ এবছৰীয়া জৰুৰীকালীন অৱস্থাৰ পাচত পুনৰ নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি কয় ম্যানমাৰৰ সামৰিক বাহিনীয়ে । ম্যানমাৰৰ ৰাজ্যিক পৰামৰ্শদাতা আং চান চ্যুকীক আটক কৰাৰ পাচতে সেনাই এবছৰৰ বাবে দেশখনক নিজৰ নিয়ন্ত্ৰণত লয় ।

By

Published : Feb 1, 2021, 4:57 PM IST

আং চান চ্যুকীক আটক
আং চান চ্যুকীক আটক

নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী: ম্যানমাৰৰ ৰাষ্ট্ৰীয় পৰামৰ্শদাতা আং চান চ্যু কীক আটক কৰাৰ পাচতে সেনাই এবছৰৰ বাবে দেশখনক নিজৰ নিয়ন্ত্ৰত লয় । সেনাৰ এই কাণ্ডক বিশ্বৰ কেইবাখনো দেশে কটাক্ষ কৰে । সেনাৰ এবছৰীয়া জৰুৰীকালীন অৱস্থাৰ পাচত পুনৰ নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি কয় ম্যানমাৰৰ সামৰিক বাহিনীয়ে । আং চান চ্যুকীৰ লগতে তেওঁৰ দলৰ কেবাজনো নেতাক আটক কৰে ।

চ্যুকীক আটক কৰাৰ পাচত দেশখনৰ মুখ্য চহৰসমূহত ইন্টাৰনেট সেৱা ব্যাহত ৰখা হৈছে । দেশখনৰ সংবাদ মাধ্যমে জনোৱা অনুসৰি কাৰীকৰি সমস্যাৰ ফলত ইয়াৰ যোগাযোগ ব্যাহত ৰখা হৈছে । ইফালে দেশখনৰ সৰ্ববৃহৎ চহৰ আৰু পূৰ্বৰ ৰাজধানী য়াংগোত ফোন লাইন আৰু ইন্টাৰনেট সংযোগৰ সীমিত প্ৰভাৱ পৰিলক্ষিত হয় ।

আনহাতে ম্যানমাৰ বেংক সংস্থাই জনোৱা মতে, বেংকে সকলো বিত্তীয় সেৱা অস্থায়ীভাৱে বন্ধ কৰে ।

ৰাজ্যিক শক্তি প্ৰতিৰক্ষা সেৱাৰ প্ৰধান কমাণ্ডাৰ ইন চিফ মিন অং হলিংক হস্তান্তৰ কৰা হৈছে । ইপিনে ম্যানমাৰৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি মিণ্ট চেয়ে দেশৰ কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহন কৰিব । বিগত বৰ্ষৰ নিৰ্বাচনত ব্যাপক ভোটৰ জালিয়াতি হোৱাত নতুন সংসদীয় অধিৱেশন স্থগিত ৰখাৰ দাবী জনোৱা হৈছিল । ৰাজ্যিক কেন্দ্ৰীয় নিৰ্বাচন আয়োগে যোৱা সপ্তাহত এই অভিযোগক নস্যাৎ কৰে ।

উল্লখ্য যে, সামৰিক শাসনৰ বিৰুদ্ধে যোৱা এক দশক ধৰি অহিংস সংগ্ৰাম অব্যাহত ৰাখি দেশখনৰ নেতা হৈছিল ৭৫ বছৰীয়া আং চান চ্যুকী । চ্যুকী দেশখনৰ প্ৰধান ৰাজনীতিবিদ । যোৱা নৱেম্বৰৰ নিৰ্বাচনত তেওঁৰ দলে সংসদৰ উচ্চ আৰু নিম্ন সংসদৰ ৪৭৬ খন আসনৰ ভিতৰত মুঠ ৩৯৬ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু ২০০৮ চনত গ্ৰহন কৰা সংবিধানৰ সংশোধনী প্ৰস্তাৱ অনুসৰি, জৰুৰীকালীন অৱস্থাত দেশৰ সামৰিক বাহিনীৰ মুঠ আসনৰ ২৫ শতাংশ আসন লাভ কৰে আৰু সামৰিক নিয়োগৰ বাবে কেবাটাও মন্ত্ৰীত্বৰ পদ সংৰক্ষিত কৰি ৰখা হৈছিল ।

লগতে পঢ়ক:বোমা বিস্ফোৰণত নিহত ৮ জন আফগান সৈনিক

ABOUT THE AUTHOR

...view details